কোৰোণা আক্ৰান্তৰ সংখ্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৰাজ্যত। আজি আক্ৰান্তৰ সংখ্যাই নতুন অভিলেখ ৰচিলে অসমত। আজি দিনটোত ৰাজ্যত নতুনকৈ কোৰোণাত আক্ৰান্ত হৈছে ৮০৭২ গৰাকী লোক। কোৰোণাৰ আৰম্ভণিৰে পৰা আজিলৈ এদিনতে আজি অভিলেখ হাৰত সংক্ৰমণ হৈছে।
উল্লেখ্য যে কেৱল গুৱাহাটীতে ১,৯৯৬ জন লোক আক্ৰান্ত হৈছে কোৰণাত। দিনটোত ৰাজ্যত মৃত্যু হৈছে ১৬ গৰাকী কোৰোণা আক্ৰান্তৰ।
দিনটোত ডিব্ৰুগড়ত ৫৫১, কাছাৰত ৪৭৪, যোৰহাটত ৪৭০, কামৰূপত ৩৯৪, তিনিচুকীয়াত ৩০১, নগাঁৱত ২৮৮, গোলাঘাটত ২৭৩, লখিমপুৰত ২০৫, নলবাৰীত ২৪০বৰপোটাত ২৫৩, ধুবুৰীত ২৪০ গৰাকী লোক আক্ৰান্ত হৈছে।
সংক্ৰমণৰ হাৰ বৃদ্ধি পালে ১২.৬২%লৈ। এতিয়ালৈকে এয়াই হৈছে এটা দিনত সৰ্বাধিক আক্ৰান্তৰ সংখ্যা।
লগতে পঢ়ক- ৰাজ্য চৰকাৰৰ ক’ভিড নিৰ্দেশক লৈ ভেঙুচালী গুৱাহাটীৰ ব্যক্তিগত খন্ডৰ বিদ্যালয়ৰ