নিউজ ডেস্ক: নিৰ্বাচনী ধামখুমিয়াত ব্যস্ত সকলো , বিশেষকৈ নেতাসকলৰ প্ৰচাৰত জনসমাগম দেখি এই মহামাৰীয়ে পুনৰ ভয়াবহ ৰূপ লোৱাৰ শংকাত ভুগিছে ৰাইজে । চৰকাৰে নিৰ্দেশনা দিছে যদিও এজনো ৰাজনেতাই পালন কৰা নাই সেই নিৰ্দেশনা । মাস্ক পৰিধান কৰিবলৈ বাধ্যতামূলক কৰিছে যদিও সেই নিয়ম সাধাৰণ জনতাৰ লগতে নেতাসকলে মুকলি ভাবেই উলংঘা কৰিছে ।
অসমত ক’ভিড-১৯ৰ দ্বিতীয়টো ঢৌ বৃদ্ধি পোৱাৰ আশংকাৰ মাজতে ৰাজ্যখনত মাৰাত্মক ভাইৰাছটোৰ ফলত এগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ খবৰ আহিছে। শিলচৰত এগৰাকী ৫০ বছৰীয়া ব্যক্তিৰ ক’ভিড-১৯ত মৃত্যু ঘটিছে।ক’ভিডত মৃত্যু হোৱা ব্যক্তিগৰাকীক মনোহৰ গ’ড় বুলি চিনাক্ত কৰা হৈছে। মনোহৰ গ’ড়ৰ দেওবাৰে শিলচৰ মেডিকেল কলেজ হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে।
ইয়াৰ মাজতে দেশত বিগত ২৪ ঘণ্টাত ক’ৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাই চাৰিমাহৰ অভিলেখ ভংগ কৰিছে। দেশত বিগত ২৪ ঘণ্টাত মাৰাত্মক ভাইৰাছ বিধত আক্ৰান্ত হৈছে ৪৩,৮৪৬গৰাকী লোক।২৪ ঘণ্টাত ক’ৰ’ণাই প্ৰাণ কাঢ়ি নিয়া লোকৰ সংখ্যা হৈছে ১৯৭ গৰাকী।ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ পিছত সুস্থ হৈ উঠিবলৈ সক্ষম হৈছে ১ কোটি ১১ লাখ ৩০ হাজাৰ ২৮৮ গৰাকী লোক।
শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে অনুষ্টিত কৰা ক’ভিড সম্পৰ্কীয় বৈঠকত মাস্ক পৰিধান কৰা , ছেনিটাইজাৰ ব্যৱহাৰ কৰা আদি কথা সমূহ জনতাই মানি চলাৰ বিষয়ত গুৰুত্ব দিয়া হৈছিল। চৰকাৰ বোৰে কেবল ঘোষণাৰ মাজতেই সীমাবদ্ধ আছে, তাক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব নাই । যোৱাটো বৰ্ষৰ আজিৰ দিনটোতে জনতা সান্ধ্যআইন দি জনতাক সজাগ কৰা চৰকাৰে এতিয়া নিৰ্দেশ দিছে যদিও কাৰ্যকৰী কৰাৰ দেখুওৱা নাই কোনো তৎপৰতা ।