প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

গোলাঘাট: কৰোনাই পুনৰ ভয়াবহ ৰূপ লৈছে ৰাজ্যত। গোলাঘাট জিলাত বুধবাৰে নতুনকৈ দুজনৰ দেহত কভিড-১৯ ৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াকে লৈ জিলাখনত বৰ্তমান সক্ৰিয় কভিড ৰোগীৰ সংখ্যা ১৩ গৰাকীলৈ বৃদ্ধি পায়।
ইয়াৰে ১০ গৰাকী ঘৰতেই কোৱাৰেণ্টাইন হৈ থকাৰ বিপৰীতে দুজন যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু এজন গুৱাহাটীত চিকিৎসাধীন হৈ আছে।

জিলাখনত আজি ৭৭৪ জন লোকক ৰেপিড এন্টিজেন টেষ্ট আৰু ১২ জনৰ আৰ টি পি চি আৰ পৰীক্ষা কৰা হয়।

আজি ক’ভিডৰ সংক্ৰমণ ধৰা পৰা এজন লোক তিনিচুকীয়াৰ পৰা গোলাঘাটলৈ আহিছিল আৰু আনজন এই ৰোগত আক্ৰান্ত লোকৰ সংস্পৰ্শলৈ অহাৰ ফলত সংক্ৰমিত হৈছে।

উল্লেখযোগ্য যে ৬ এপ্ৰিলত জিলাখনৰ তেলগৰমত সংক্ৰমণ ধৰা পৰা এজন লোক ওডিছাৰ পৰা আহিছিল। জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে এই ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি সকলো লোককে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাৰ লগতে কভিড-১৯ ৰ স্বাস্থ্য বিধিসমূহ কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply