সোণাৰি : চৰাইদেউ জিলাৰ চাহ বাগিছা সমূহত ১০০% ক’ভিড-১৯ ৰ প্ৰতিষেধক প্ৰদানৰ লক্ষ্য আগত ৰাখি আজি চৰাইদেউ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত চাহ বাগিছাৰ পৰিচালক সকলক লগত লৈ এক বিশেষ আলোচনা অনুষ্ঠিত হৈ যায়।
আজিৰ সভাত সভাপতিত্ব কৰে চৰাইদেউ জিলাৰ উপায়ুক্ত বিনীতা পেগুৱে ।
অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমান আৰু মৌচুমী চেতিয়াৰ লগতে চৰাইদেউ জিলাৰ স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী সকলে উক্ত সভাত অংশগ্ৰহণ কৰি আগন্তুক দিনত চাহ বাগিছা সমূহত ক’ভিড-১৯ প্ৰতিষেধক প্ৰ্দান সন্দৰ্ভত সজাগতা সৃষ্টিৰ লগতে চাহ বাগিছাৰ প্ৰতিজন ব্যক্তিয়ে যাতে এই প্ৰতিষেধক গ্ৰহণ কৰে তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ ওপৰত আলোচনা কৰা হয়।
উক্ত সভাত চাহ বাগিছাৰ পৰিচালক সকলক এই কাৰ্যসূচীত সহযোগিতা আগবঢ়াবলৈ উপায়ুক্ত গৰাকীয়ে আহ্বান জনায়।
লগতে পঢ়ক টকিঅ’ অলিম্পিকৰ বাবে কিছু ভাল খবৰ