জামুগুৰিহাটত কৰ'ণা

কোৰোনাৰ ভয়ংকৰ গণ সংক্ৰমণ অব্যাহত থকা শোণিতপুৰ জিলাৰ জামুগুৰিহাটত পুনৰ দুখনকৈ গাঁওক কন্টেইনমেন জ’ন হিচাপে ঘোষণা কৰা হয় ।

জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ ১নং বৰদিকৰাই আৰু দুই নং বৰদিকৰাই মিৰি গাঁওত স্বাস্থ্য বিভাগৰ দলে ৰেপিড এন্টিজেন টেষ্টৰ ব্যৱস্থা কৰাত গাঁও দুখনত ৬০ জন ব্যক্তিৰ দেহত কোৰোনা ভাইৰাচৰ
অৱস্থিতি ধৰা পৰে ।

ইয়াৰ পাছতেই গাঁও দুখনক স্বাস্থ্য বিভাগৰ ফালৰ পৰা কন্টেইনমেন জ’ন হিচাপে ঘোষণা কৰে। উল্লেখ্য যে জামুগুৰিহাটত আজিৰ তাৰিখলৈকে কোৰোনাত সৰ্বমুঠ ১২২৮ গৰাকী লোক আক্ৰান্ত হৈছে ।

লগতে পঢ়ক বালিদোঙাৰ কন্যা শিশুৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ বুজ ললে মুখ্যমন্ত্ৰীয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply