দেশৰ আন ৰাজ্যৰ লগতে অসম তথা কাজিৰঙা অঞ্চলত মহামাৰী ক’ভিডে এক আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে ।দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকৰ দেহত ক’ভিডৰ বীজাণু সংক্ৰমিত হোৱাৰ ফলত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই উদ্যানত চলি থকা এলিফেন্ট ছাফাৰী বন্ধ কৰিছে । যাৰ ফলত এই পেছাটোৰ সৈতে জড়িতসকলে আকৌ এবাৰ সমস্যাৰ সন্মুখীণ হৈছে ।
আনহাতে কাজিৰঙাৰ দুৰ্গাপুৰত থকা কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈববৈচিত্ৰ্য উদ্যান কৰ্ত্তৃপক্ষই বন্ধ কৰাৰ কথা ঘোষণা কৰিছে ।
ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমন্ডল বিষয়া ৰমেশ গগৈয়ে জনোৱা মতে উদ্যানখনৰ কঁহৰাৰ মিহিমুখ আৰু বাগৰি বনাঞ্চলত এলিফেন্ট ছাফাৰী বন্ধ কৰা হৈছে যদিও জীপ ছাফাৰী চলি থাকিব বুলি জানিবলৈ দিয়ে ।

যোৱাটো বৰ্ষত ক’ভিডৰ বাবেই কাজিৰঙাৰ পৰ্যটন উদ্যোগৰ সৈতে জড়িতসকলে বাৰুকৈয়ে ভুগিব লাগিছিল যদিও এইবাৰ ঠন ধৰি উঠিব বুলি আশা কৰা হৈছিল যদিও কোৰোণাৰ ভয়াবহ সংক্ৰমনে পুনৰ পৰ্যটন উদ্যোগৰ সৈতে জড়িতসকলক বিপদত পেলাইছে । হাতী ছাফাৰীৰ সৈতে জড়িতসকলৰ হাতীবোৰ এতিয়া মুকলি কৰি দিয়া হৈছে । আনহাতে ক’টেজ বোৰ বনাই পৰ্যটকক আদৰিবলৈ সাজু থকা সকলে এতিয়া আধাতেই বন্ধ কৰিব লগা হৈছে ।একেৰাহে দ্বিতীয় বৰ্ষৰ বাবে কাজিৰঙাৰ পৰ্যটন উদ্যোগ বৃহৎ লোকচানৰ সন্মুখীন হৈছে ।