ক'ভিড

কোৰোনা নিয়ন্ত্ৰণলৈ অহাৰ বাবে দীৰ্ঘ সময়ৰ পিছত ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহত ১৯ অক্টোবৰৰ পৰা বিদ্যালয়সমূহৰ পাঠদান আৰম্ভ পিচতেই চৰাইদেউ জিলাত তিনিগৰাকী ছাত্ৰ- ছাত্ৰী আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগৰ পৰীক্ষাত ধৰা পৰিছে।
এই ঘটনাই অঞ্চলটোৰ সচেতন মহলৰ লগতে অভিভাৱক সকলক উদ্বিগ্ন কৰি তুলিছে। জিলাখনৰ মাইবেলাস্থিত লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰৰ আবাসিক এলেকাত থকা শিক্ষানুষ্ঠান খন চৰকাৰী নিদেৰ্শনা অনুসৰি ১৯ অক্টোবৰৰ দিনা খোলা হয় ।

সেইদিনা শিক্ষানুষ্ঠানখনিৰ উপস্থিত থকা এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ক’ভিড আক্ৰান্ত হোৱা বুলি ধৰা পৰাৰ পাছত আজি বিদ্যালয় খনত স্বাস্থ্য বিভাগে ছাত্র ছাত্ৰী সকলৰ ৰেপিড এণ্টিজেন পৰীক্ষা কৰাত আন দুগৰাকী ছাত্র ছাত্ৰী ক’ভিড আক্ৰান্ত হোৱা বুলি ধৰা পৰে।

এই ঘটনাৰ পিচতেই লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰৰ বিদ্যালয় কৰ্তৃপক্ষই শিক্ষা বিভাগৰ এছ অ পি মৰ্মে অহা সাতদিনলৈ শিক্ষানুষ্ঠান খন বন্ধ ঘোষণা কৰিছে ৷
স্বাস্থ্যবিভাগৰ প্ৰতিবেদন মতে আজিৰ দিনটোত চৰাইদেউ জিলাত পাঁচ গৰাকী লোক আক্ৰান্ত হৈছে | আজিৰ দিনটোত ৰাজ্যখনত বৃদ্ধি হৈ ৩১৫ গৰাকী লোক আক্ৰান্ত হৈছে | কামৰূপ মেট্ৰ’ত সৰ্বাধিক ১১৫ গৰাকী আক্ৰান্ত হৈছে । যোৰহাট জিলাত ২৪, বৰপেটাত ২৩, লখিমপুৰত ১৮ গৰাকী লোক আক্ৰান্ত হৈছে ।

লগতে পঢ়ক- কামাখ্যা পালেহি প্ৰথমখন বৈদ্যুতিক ৰেল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply