গুৱাহাটী : শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ পত্নী আৰু পুত্ৰ ক’ভিডত আক্রান্ত। বিধায়ক গৰাকী নিজেও হো’ম কোৱাৰেন্টাইন হৈ আছে। অখিল গগৈৰ লগতে তেওঁৰ পত্নী আৰু পুত্ৰ শুকুৰবাৰৰ পৰা জ্বৰত আক্রান্ত হৈ আছিল।
শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ পত্নী আৰু পুত্ৰ ক’ভিডত আক্রান্ত হৈছে। শুকুৰবাৰে সন্ধিয়াৰ ভাগৰ পৰা অখিল গগৈৰ লগতে তেওঁৰ পত্নী আৰু পুত্ৰ জ্বৰত আক্রান্ত হৈ আছিল। শনিবাৰে পুৱাৰ ভাগত অখিল গগৈ, তেওঁৰ পত্নী আৰু পুত্ৰৰ ক’ভিড পৰীক্ষা কৰা হয়।
ক’ভিড পৰীক্ষাৰ ফলাফলত অখিল গগৈ ক’ভিডত আক্রান্ত হোৱা নাই বুলি স্পষ্ট হয় যদিও তেওঁৰ পত্নী আৰু পুত্ৰৰ শৰীৰত ক’ভিডৰ অৱস্থিতি ধৰা পৰে। বৰ্তমান অখিল গগৈ হো’ম কোৱাৰেন্টাইন হৈ আছে।
লগতে পঢ়ক- মৰাণৰ মাঘী মেলা সমাজৰ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়োৱা ব্যক্তিলৈ সম্বৰ্ধনা