গুৱাহাটীঃ আজিৰ পৰা দেশজুৰি আৰম্ভ হৈছে ক’ভিডৰ বুষ্টাৰ ড’জ প্ৰদান কাৰ্যসূচী। দেশৰ লগতে অসমতো বুষ্টাৰ ড’জ প্ৰদান কাৰ্যসূচী আজি পুৱাৰ ভাগৰ পৰা আৰম্ভ কৰা হয়।
ৰাজ্যৰ বিভিন্ন চিকিৎসালয় সমূহৰ লগতে মহানগৰী গুৱাহাটীৰো বিভিন্ন চিকিৎসালয়ত প্ৰদান কৰা হৈছে বুষ্টাৰ ড’জ।
ক’ভিডৰ লগতে ক’ভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰনৰ ভয়াবহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰ চৰকাৰৰ বুষ্টাৰ ড’জ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
লগতে পঢ়কঃআজিৰ পৰা আৰম্ভ কোভিডৰ সুৰক্ষামূলক পালি প্ৰতিষেধক প্ৰদান অভিযান
ক’ভিড মহামাৰীৰ লগত সন্মুখৰ পৰা যুঁজ দিয়া সকলৰ লগতে ৬০ বছৰৰ ওপৰৰ সকলো লোকক বুষ্টাৰ ড’জ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে।
মহানগৰীৰ ৰাজধানী ৰাজ্যিক চিকিৎসালয়ত ইতিমধ্যে বহু লোকে বুষ্টাৰ ড’জ গ্ৰহণ কৰিছে।
ক’ভিডৰ দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰা লোক সকলক ৯০ দিনৰ পিছত এই বুষ্টাৰ ড’জ প্ৰদান কৰা হৈছে।
ইফালে ৰাজ্যত পুনৰ ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাত বৰ্তমানলৈকে প্ৰতিষেধক নোলোৱা লোক সকলেও প্ৰথম আৰু দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰাৰ বাবে ভিৰ কৰিছেহি ৰাজধানী ৰাজ্যিক চিকিৎসালয়ত।