মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ পৰা আহিছে ভাল খবৰ। ক’ভিড সন্দৰ্ভত জিলাখনৰ পৰা আহিছে ভাল খবৰ। বিগত দুদিন ধৰি জিলাখনত কমি আছে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷

সমগ্ৰ দেশৰ লগতে ৰাজ্যত মাৰাত্মক ক’ভিডৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পাই থকাৰ সময়তে নামনি অসমৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ পৰা আহিছে ভাল খবৰ। বিগত দুদিন ধৰি জিলাখনত হ্ৰাস পাইছে ক’ভিড আক্রান্তৰ হাৰ। জিলখনত মুঠ ২১ টা স্বাস্থ্য কৰ্মীৰ দলে ক’ভিড পৰীক্ষণ চলাই থকাৰ লগতে ১৩ টা কেন্দ্ৰত ক’ভিড ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে জিলাখনৰ স্বাস্থ্য বিভাগে৷

দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ইতিমধ্যে প্ৰায় ১৮ হাজাৰ লোকক ভেকচিন প্ৰদান কৰা হৈছে৷ ক’ভিড ভেকচিন লোৱা ব্যক্তি সকলৰ কোনোধৰণৰ বেয়া ফলাফল পৰিলক্ষিত হোৱা নাই৷ ভেকচিনক সম্পৰ্কে উৰাবাতৰিৰ প্ৰতি বিশ্বাস নকৰিবলৈ আৰু প্ৰতিজন ব্যক্তিক ভেকচিন ল’বলৈ আহ্বান জনায় চিকিৎসক ছাইদুল্লাহ খন্দকাৰৰ৷

লগতে পঢ়ক : ৰাজ্যত পুনৰ ডাইনীৰ নামত মৰিয়াই মৰিয়াই এজন লোকক হত্যা

ক’ভিড ১৯ পৰা ৰক্ষা পাবলৈ ভেকচিন লোৱা অতি প্ৰয়োজন। প্ৰতিজনে ভেকচিন লোৱা হলেহে ক’ভিড পৰা ৰক্ষা পাব পাৰি বুলি প্ৰকাশ কৰে চিকিৎসকজনে৷ উল্লেখ্য যে সোমবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলা বিজেপিৰ ফালৰ পৰা ভেকচিন লবলৈ ৰাইজৰ মাজত এক সজাগতা অভিযান চলোৱা পৰিলক্ষিত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply