তামুলপুৰ : বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত বৃহত্তৰ কাউলীত বিগত কিছুদিন ধৰি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা। অঞ্চলটোত পুৰুষ-মহিলাৰ সমান্তৰালভাৱে এতিয়া ভয়াৱহ হাৰত মাৰাত্মক ক’ভিড সংক্ৰমিত হৈছে শিশুৰ দেহত। বিগত তিনিদিনত ২৮ গৰাকী শিশুৰ দেহত ধৰা পৰিছে ক’ভিড। অঞ্চলটোৰ ভয়াবহ ক’ভিডৰ সংক্ৰমণৰ ফলত আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। ইতিমধ্যে বহু লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

প্ৰশাসনৰ অজ্ঞাতে কাউলীৰ তৰুণগাঁওত এটা পৰিয়ালত অনুষ্ঠিত হোৱা বিবাহ অনুষ্ঠানৰ পৰাই অঞ্চলটোত ক’ভিডৰ সংক্ৰমণ ঘটিছে৷ ইতিমধ্য গাঁওখনক স্বাস্থ্য বিভাগে কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰি গাঁওখনলৈ মানুহৰ অহা-যোৱা বন্ধ কৰি দিছে৷ ইয়াৰ মাজতো একাংশ লোকে ক’ভিড বিধি উলংঘা কৰি কন্টেইনমেন্ট জ’নৰ পৰা ওলাই আহিব বিচৰাত স্থানীয় সচেতন লোক সকল শংকিত হৈ পৰিছে৷

অঞ্চলটোত বহু শিশুসহ ৮৯ গৰাকী লোক এতিয়ালৈকে ক’ভিডত আক্ৰান্ত হৈছে। অঞ্চলটোৰ আশে পাশে থকা বজাৰ, হাট সমূহ অনিৰ্দিষ্ট কাললৈ বন্ধ কৰাৰ লগতে কোনো কাৰণ নোহোৱাকৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই অহা লোকক আৰক্ষীয়ে কঠোৰ শাস্তি প্ৰদান কৰিছে। মঙলবাৰে আবেলিৰ ভাগত বাক্সা জিলা উপায়ুক্ত আয়ুস গাৰ্গৰ লগতে জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং, তামুলপুৰৰ মহকুমাধিপতি, চক্ৰ বিষয়াসহ প্ৰশাসনৰ এটা সজাতি দলে স্থানীয় গাওঁবুঢ়াৰ সহযোগত তৰুনগাঁও পৰিদৰ্শন কৰি অঞ্চলটোৰ ক’ভিড পৰিস্থিতিৰ বুজ লয়৷

লগতে পঢ়ক : প্ৰতিদিনে ৩০-৪০ টাকৈ পৰিয়ালে হেৰুৱাইছে নিজৰ বাসস্থান

জিলা উপায়ক্ত গৰাকীয়ে অঞ্চলটোত যাতে ক’ভিড সংক্ৰমণৰ হাৰ আৰু অধিক বৃদ্ধি পাব নোৱাৰে ইয়াৰ বাবে তামুলপুৰ চক্ৰ বিষয়াক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। আনহাতে স্বাস্থ্য বিভাগৰ লোকে বৃহত্তৰ অঞ্চলটোৰ কেইবাঠাইত স্থানীয় ৰাইজৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰে৷ কন্টেইনমেন্ট জ’নৰ পৰা বহু লোক ক’ভিড বিধি ভংগ কৰি ওলাই অহাৰ অভিযোগ উত্থাপিত হোৱাত কন্টেইনমেন্ট জ’নত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply