শিশুৰ দেহত ক’ভিড

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনোৱা মতে ৰাজ্যত এতিয়াও কোৰোনাৰ তৃতীয় ৱেভ অহা নাই, দ্বিতীয় ঢৌৱে চলি আছে ৰাজ্যত । ইয়াৰ মাজতে ৰাজ্যত তৃতীয় ঢৌৱে শিশু-কিশোৰক আক্ৰান্ত কৰিব পাৰে বুলি চৰ্চা চলি থকাৰ মাজতে ৰাজ্যত যোৱা কেইটামান দিনত বহুসংখ্যক শিশু আক্ৰান্ত হোৱাৰ খবৰে চিকিৎসকসকলকো চিন্তিত কৰি তুলিছে।

বিশ্বনাথত ভয়াবহ ৰূপ ধাৰণ কৰিছে কভিড-১৯ৰ সংক্ৰমণে। বিশ্বনাথ ঘাটৰ নতুন গাওঁত ছটাকৈ শিশুৰ দেহত ধৰা পৰিছে কভিড ১৯ পজিটিভ।বিশ্বনাথ ঘাট গাওঁ পঞ্চায়তৰ অধীনত নতুন গাওঁত জিলা স্বাস্থ্য বিভাগে কৰোৱা কৰ’না টেষ্টত আজিৰ দিনটোতে ছটাকৈ শিশুৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে।
এই ছটা শিশুৰ ভিতৰত আছে এটি ১০ মহীয়া দেৱ শিশুও আছে। সেইদৰে, ৫ বছৰৰ দুটা, ৯বছৰীয়া এটা, ১০বছৰীয়া এটা শিশু আৰু ১১ বছৰীয়া শিশু এটিৰ দেহত ধৰা পৰিছে কৰ’নাৰ অৱস্থিতি।

চলিত মাহৰ আৰম্ভণিৰে পৰা এতিয়ালৈকে ৰাজ্যত কেইবাসহস্ৰাধিক শিশু ক’ভিডত আক্ৰান্ত হৈছে৷ যোৱা দেওবাৰৰ দিনটোত ৰাজ্যত প্ৰায় আঢ়ৈ হাজাৰ শিশু এই ৰোগত আক্ৰান্ত হয়৷ ৰাজ্যত আৰম্ভ হোৱা ক’ভিড মহামাৰীৰ দ্বিতীয় ঢৌত বিগত মাহকেইটাত শিশু ৰোগীৰ সংখ্যা তুলনামূলকভাৱে কম৷ কিন্তু লক্ষণীয়ভাৱে জুন মাহত ১ ৰ পৰা ১২ বছৰ বয়সৰ শিশু ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে৷

ইতিমধ্যে ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, নগাঁও, তেজপুৰ আদি স্থানত কেইবাশতাধিক ক’ভিড আক্ৰান্ত শিশু চিনাক্ত হৈছে৷ এইপৰ্যন্ত লখিমপুৰ জিলাত মুঠ ১৬ টি শিশু কোভিডত আক্ৰান্ত হয়৷ আক্ৰান্ত শিশুসকল জন্মৰ পৰা ১২ বছৰ বয়সৰ ভিতৰৰ৷ ইয়াৰে দুটি শিশু মৃত্যুমুখত পৰে৷ যোৱা ১১ জুনত দ’লহাটৰ ৰজিবুল ইছলাম নামৰ এটি দহবছৰীয়া শিশু এই ৰোগত মৃত্যু হোৱাৰ বিপৰীতে যোৱা শুকুৰবাৰে ৰহান ক্ৰিষ্টি নামৰ আন এটি চাৰিমহীয়া শিশুৰ মৃত্যু হয়৷

নগাওঁ জিলাতেই শনিবাৰৰ দিনা ১৭২টাকৈ শিশু ক’ভিড সংক্ৰমণ হয়৷ নগাঁৱত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত স্থাপন কৰা মহিলা আৰু শিশু ক’ভিড কেয়াৰ চেন্টাৰত ৩২টাকৈ শিশু চিকিৎসাধীন হৈ আছিল। বৰ্তমান এই ক’ভিড কেয়াৰ চেন্টাৰটো নতুনকৈ শিশু ভৰ্তিৰ বাবে কোনো আসন নথকাত দেওবাৰৰ দিনা দুটাকৈ শিশুক ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

যোৰহাট জিলাত ১৫টা ভিতৰতে ১৪বছৰৰ ৩০গৰাকী, ১১বছৰৰ ২৬গৰাকী, ১০বছৰৰ ৮গৰাকী শিশু ক’ভিড সংক্ৰমণ হোৱাৰ খবৰ আহিছে। যোৱা এইসময়চোৱাত যোৰহাটত সৰ্বমুঠ ১১০টা শিশু ক’ভিডত আক্ৰান্ত হৈছে। বিশ্বনাথ চাৰিআলিৰ বিহালীত দুই শিশুসহ ৭জনকৈ দেহত দেওবাৰে ক’ভিড সংক্ৰমণ ধৰা পৰে।

আনহাতে যোৱা ৩মাহত ক’ভিডত শিশু সংক্ৰমণৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ লগতে ৩৪টা শিশু আৰু কিশোৰৰ মৃত্যু হৈছে কোৰোনাত। ১ এপ্ৰিলৰ পৰা ২৫জুনলৈকে ৰাজ্যখনত ক’ভিড সংক্ৰমণ হোৱা শিশুৰ সংখ্যা ৩৪,৩৩৩টা আছিল। ইয়াৰ ভিতৰত ০-৫বছৰ বয়সৰ ৫৭৭৭টা, ৬-১৮বছৰৰ ২৮৫৫৫টা।

অসমৰ সীমামূৰীয়া ৰাজ্য মেঘালয়ত ৫,১০১জন শিশু ক’ভিডত আক্ৰান্ত হৈছে আৰু ইয়াৰে ১৭ শিশুৰ মৃত্যু হৈছে।অৰুণাচলতো ১০বছৰৰ তলৰ ৮৯৬টা শিশু আক্ৰান্ত হৈছে আৰু ইয়াৰে দুজনৰ মৃত্যু হৈছে।ইফালে ১০-২০বছৰৰ ভিতৰত ২৯৯৮টা কিশোৰ ক’ভিডত আক্ৰান্ত হোৱাৰ তথ্য অৰুণাচলৰ স্বাস্থ্য বিভাগে সদৰি কৰিছে।

লগতে পঢ়ক ক’ভিড পৰিস্থিতিত বিধ্বস্ত ব্যক্তিগত শিক্ষা খণ্ডৰ শিক্ষক-শিক্ষয়িত্ৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply