গুৱাহাটী : বিজেপি অসম প্ৰদেশৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত শনিবাৰে অয়ােজিত এক অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ উদ্যোগত শনিবাৰৰ পৰা কাৰ্যকাৰী হােৱা কভিড হেল্পলাইন নম্বৰ ৮৭৯২৭৩৯৫৬৬ ৰ শুভাৰম্ভণি কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে। মহামাৰী কৰু’ণা সংকটৰ সময়ত ৰাইজৰ সুবিধার্থে বিজেপি অসম প্ৰদেশৰ মহিলা মৰ্চাই গ্ৰহণ কৰা পদক্ষেপৰ বিশেষভাৱে শলাগ লয় ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে।
অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে কয় যে, এই হেল্প লাইন নম্বৰৰ যােগেদি জনসাধাৰণে চৰকাৰী হেল্পলাইন নম্বৰৰ দৰেই কৰ’ণাৰ সজাগ সচেতনতা সম্পর্কীয় বিভিন্ন তথ্যৰ বিষয়ে অৱগত হ’ব পাৰিব। সংকটৰ সময়ত জনসাধাৰণ সুবিধার্থে এই হেল্পলাইন নম্বৰ মুকলি কৰিবলৈ অনুপ্ৰেৰণা দিয়াৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ প্রতি বিশেষ কৃতজ্ঞতা প্রকাশ কৰে মহিলা মৰ্চাৰ সভানেত্রী অপৰাজিতা ভূঞাই।
এই অনুষ্ঠানতে মে’ মাহৰ “অসমীয়া বিজেপি বার্তা”ৰ উন্মােচন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে। উল্লেখ্য যে অনুষ্ঠানত অসমৰ সংবাদ জগতৰ জ্যেষ্ঠ সাংবাদিক কল্যাণ বৰুৱা আৰু অর্ণিবান বৰা, ৰাষ্ট্রীয় সাংবাদিক ৰােহিত সৰদানাৰ বিয়ােগত গভীৰ শােক প্রকাশ কৰি উপস্থিত সকলােৱে ২ মিনিট সময় মৌন প্রার্থনা কৰে।