ক'ভিড হাস্পতাল

সৰুসজাইত মুকলি কৰিলে ৩০০ বিচনাযুক্ত ক’ভিড হাস্পতাল।বৃহস্পতিবাৰে পুৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অত্যাধুনিক ক’ভিড হাস্পতালখন আনুষ্ঠানিকভাৱে মুকলি কৰে৷
অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰীও উপস্থিত থাকে৷
ডিআৰডিঅ’-ই মাত্ৰ ২০ দিনত প্ৰস্তুত কৰি উলিওৱা সৰুসজাইৰ অত্যাধুনিক ক’ভিড হাস্পতালখনত ইতিমধ্যে আই চি ইউৰ বিছনাসমূহৰ মনিটৰ, ভেণ্টিলেটৰকে ধৰি সকলো প্ৰয়োজনীয় সামগ্ৰী আৰু আন অত্যাৱশ্যকীয় সকলো মেচিন আহি পাইছে।অহা দুদিনৰ ভিতৰত কাম আৰম্ভ কৰিব ৷ ২০০ খন অক্সিজেন বেড, ১০০ খন আই চি ইউ বেড সংলগ্ন কৰা হৈছে ৷

নতুন ক’ভিড হাস্পতালখনৰ বাবে নতুন চিকিৎসাকৰ্মী, হাস্পতালকৰ্মী তথা উন্নত চিকিৎসা সামগ্ৰী আদিৰ ব্যৱস্থা কৰা হৈছে৷
হাস্পতালখনত ৬০গৰাকী প’ষ্ট এমবিবিএছ চিকিৎসকক নিয়োগ কৰাৰ লগতে ২২গৰাকী জি এম চি এইচৰ ষ্টাফ নাৰ্চ,১৮গৰাকী ক’ভিড আই চি ইউৰ বিশেষ নাৰ্চকে ধৰি ক’ভিড পৰিস্থিতিক সম্পৰ্কত অভিজ্ঞতা থকা অধীক্ষক নিয়োগ কৰা হৈছে৷ অহা পাঁচবছৰৰ বাবে এই হাস্পতাল খন থাকিব ৷ এইখন হাস্পতাল আৰম্ভ হোৱা পিছত মহেন্দ্ৰ মোহন চৌধুৰীৰ ক’ভিড চিকিত্সা বন্ধ হ’ব ৷

লগতে পঢ়ক এছিয়ান গেমছ বক্সিং চেম্পিয়ন ডিংকো সিঙৰ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply