নগাঁও : ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্ৰমণ। ক’ভিডৰ বাবে দীর্ঘদিন ধৰি বন্ধ হৈ থকা শিক্ষানুষ্ঠান সমূহত পুনৰ পাঠদান আৰম্ভ কৰাৰ লগে লগে ক’ভিডৰ ভয়াবহ সংক্ৰমণ আৰম্ভ হৈছে। ইতিমধ্যে কেইবাখনো শিক্ষানুষ্ঠানত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাত পাঠদান পুনৰ বন্ধ কৰি দিয়া হৈছে।

এইবাৰ নগাঁও জিলাৰ ৰামানুজন জুনিয়ৰ কলেজত ঘটিছে ক’ভিডৰ ভয়াবহ সংক্ৰমণ। শিক্ষানুষ্ঠানখনৰ অধ্যক্ষসহ কেইবাজনো ছাত্ৰ-ছাত্ৰী আক্রান্ত হৈছে ক’ভিডত। ক’ভিডৰ সংক্ৰমণৰ বাবে শিক্ষানুষ্ঠানখনত পাঠদান বন্ধ কৰি দিয়া হৈছে। হোষ্টেল সমূহো খালি কৰি দিয়া হৈছে।

লগতে পঢ়ক :  গীতে-মাতে উদযাপিত হ’ল সোণাৰিত শিশু দিৱস

ৰামানুজ জুনিয়ৰ কলেজৰ অধ্যক্ষ দিলীপ বৰাৰ লগতে ৭ জনকৈ ছাত্ৰ আক্রান্ত হৈছে ক’ভিডত। ক’ভিডৰ সংক্ৰমণৰ বাবে ৰামানুজ জুনিয়ৰ কলেজৰ হোষ্টেল সমূহ খালি কৰি দিয়াৰ লগতে এসপ্তাহ বাবে শিক্ষানুষ্ঠানখন বন্ধ কৰি দিয়া হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply