গুৱাহাটী : বহিঃৰাজ্যৰ পৰা অহা বহু লোকৰ শৰীৰত কভিডৰ অৱস্থিতি। বহিঃৰাজ্যৰ পৰা অহা ইজনৰ পিছত সিজন লোকৰ শৰীৰত ধৰা পৰিছে কভিড। যোৱা দুদিনত গুৱাহাটী ৰে’ল ষ্টেচনত বহিঃৰাজ্যৰ পৰা অহা ৩১ জনকৈ লোকৰ শৰীৰত ধৰা পৰিছে কভিডৰ অৱস্থিতি। কভিডৰ দ্বিতীয়টো ঢৌৱে অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে।
সমগ্ৰ দেশৰ লগতে অসমতো কভিডৰ দ্বিতীয়টো ঢৌ অধিক ভয়াবহ দিশে গতি কৰা পৰিলক্ষিত হৈছে। দেশত প্ৰতিদিনে ব্যাপক হাৰত বৃদ্ধি পাইছে কভিড আক্রান্ত লোকৰ সংখ্যা। ইতিমধ্যে কভিডত আক্রান্ত হৈ মৃত্যুৰ মুখত পৰিছে বহু লোক। বিশেষকৈ দেশৰ ৰাজধানী দিল্লীত নিয়ন্ত্ৰণত বাহিৰলৈ গতি কৰিছে কভিড আক্রান্ত লোকৰ সংখ্যা।
আৰু পঢ়কঃকেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰ আক্রান্ত হৈছে কৰ’ণাত
অসমত বর্তমানলৈকে কভিড আক্রান্ত লোকৰ সংখ্যা নিয়ন্ত্ৰণত আছে যদিও বহিঃৰাজ্যৰ পৰা অসমলৈ অহা বহু লোকৰ শৰীৰত কভিডৰ উপস্থিতি ধৰা পৰিছে। গুৱাহাটী ৰে’ল ষ্টেচনত প্ৰতিদিনে বহিঃৰাজ্যৰ পৰা অহা ইজনৰ পিছত সিজনৰ লোকৰ শৰীৰত কভিড ধৰা পৰিছে।
গুৱাহাটী ৰে’ল ষ্টেচনত যোৱা বৃহস্পতিবাৰে বহিঃৰাজ্যৰ পৰা ৰেল যোগে অসমলৈ অহা ১৬ গৰাকী লোকৰ শৰীৰত কভিডৰ অৱস্থিতি ধৰা পৰাৰ বিপৰীতে শুকুৰবাৰে ১৫ গৰাকী লোক কভিডত আক্রান্ত বুলি ধৰা পৰে। আনহাতে শুকুৰবাৰ সন্ধিয়াৰ ভাগৰ পৰা বৰ্তমানলৈকে ৰে’ল ষ্টেচনত ১৫ গৰাকী লোকৰ শৰীৰত কভিড ধৰা পৰিছে।
আৰু পঢ়কঃ ৰাজ্যত ক’ভিডৰ ভয়াৱহতা, ৪জনৰ মৃত্যু, ৫৭৩ জন আক্ৰান্ত