ডিব্ৰুগড় : শিক্ষাৰ প্ৰতি থকা অপৰিসীম ধাউতি আৰু দৃঢ় মনোবলৰ পৰিচয় দাঙি ধৰি লখিম্পুৰৰ এগৰাকী ২১ বছৰীয়া ক’ভিড আক্ৰান্ত মাতৃয়ে বৃহস্পতিবাৰে চিকিৎসালয়ৰ পৰাই স্নাতক চতুৰ্থ শাণ্মাষিকৰ অনলাইন পৰীক্ষাত অৱতীৰ্ণ হয়।
আনহাতে, অসম চিকিৎসা মহাবিদ্যালয়ৰ ক’ভিড ৱাৰ্ডত ভৰ্তি হৈ থকা মহিলা গৰাকীৰ নৱজাত শিশুটিয়ে চিকিৎসালয়খনৰ নৱজাতকৰ বাবে থকা আই চি ইউ (NICU )-ত মৃত্যুৰ সৈতে যুঁজি আছে।
উল্লেখযোগ্য যে লখিমপুৰৰ নাৰায়ানপুৰৰ এই মহিলা গৰাকীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত ইংৰাজী বিষয়ত স্নাতক পৰ্য্যায়ত অধ্যয়ন কৰি আছে। যোৱা ১০ জুলাইত তেওঁৰ ক’ভিড পজিটিভ ধৰা পৰিছিল।
অসম চিকিৎসা মহাবিদ্যালয়ৰ উপ অধীক্ষক সুৰজিৎ বৰুৱাই ইষ্টম’জ’ক কয়, ‘প্ৰায় ২৩ দিনৰ পূৰ্বে মহিলা গৰাকীয়ে লখিমপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত এটি কন্যা শিশুৰ জন্ম দিছিল। জন্মৰ ৪ দিন পিছতে শিশুটিৰ স্বাস্থ্য অসুস্থ হৈ পৰাত দুয়োকে অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়।’
ক’ভিড টেষ্টত শিশুটিৰ ৰিজাল্ট নিগেটিভ আহে যদিও ৬ দিন পূৰ্বে শিশুটিৰ সৈতে একেলগে থকা মাকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে বুলি ডাঃ বৰুৱাই জানিবলৈ দিয়ে।
লগতে পঢ়ক : বৰষুণৰ বতৰত এই কেইবিধ সহজ ৰেচিপিৰ জুতি লওক
ইয়াৰ পিছতে মাকক চিকিৎসালয়খনৰ ক’ভিড-১৯ ৱাৰ্ডত ভৰ্তি কৰোৱা লগতে শিশুটিক ভেণ্টিলেশ্যনত ৰখা হয়। অৱশ্যে পিছত চিকিৎসকে শিশুটিক ভেণ্টিলেশ্যনৰ পৰা বাহিৰলৈ আনিবলৈ সক্ষম হয় যদিও এতিয়াও অৱস্থা সংকটজনক হৈ আছে।
ইমানৰ পিছতো নিজৰ মনোবল অটুট ৰাখি মহিলা গৰাকীয়ে পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ ইচ্ছা প্ৰকাশ কৰাত চিকিৎসক আৰু হস্পিটাল কৰ্তৃপক্ষই ইয়াৰ বাবে যাৱতীয় ব্যৱস্থা কৰি দিয়ে বুলি বৰুৱাই লগতে কয়।
মহিলা গৰাকীৰ অধ্যয়নৰ প্ৰতি থকা নিষ্ঠা আৰু দৃঢ় মনোবলৰ শলাগ লৈ বৰুৱাই তেওঁৰ এই নিদৰ্শন সকলোৰে বাবে এক ‘অনুপ্ৰেৰণাৰ কাহিনী’ বুলি মন্তব্য কৰে।
আজিৰ পৰীক্ষা মহিলা গাৰকীৰ বাবে আশানুৰূপ হৈছে বুলিও বৰুৱাই জানিবলৈ দিয়ে। বৰ্তমান তেওঁ শুকুৰবাৰে হ’ব লগীয়া পৰৱৰ্তী পৰীক্ষাৰ প্ৰস্তুতিত ব্যস্ত আছে।
ইংৰাজীত পঢ়ক : COVID-positive Assam woman takes exam while baby battles for life in NICU, wins hearts