তামুলপুৰ : তামুলপুৰৰ কাউলীত ক’ভিডৰ ভয়াৱহ সংক্ৰমণ।গাঁওখনৰ ক’ভিড পজিটিভ লোকে মাস্ক অবিহনে মুক্ত মনে ঘূৰিছে বাইক লৈ। ক’ভিডৰ কোনো বিধি নামানে গাওঁবাসীয়ে। ১৫০ জনৰ ভিতৰত ৩৮ জনৰ শৰীৰত ধৰা পৰিছে ক’ভিড।
বাক্সা জিলাৰ তামুলপুৰৰ কাউলীৰ তৰুণগাঁৱত ক’ভিডৰ ভয়াবহ সংক্ৰমণ। ১৫০ গৰাকীৰ ভিতৰত ৩৮ গৰাকীৰ দেহত একেদিনাই ধৰা পৰিল ক’ভিডৰ অৱস্থিতি। শনিবাৰৰ দিনটোত গাঁওখনত ক’ভিড সংক্ৰমণৰ হাৰ ২৫.৩৩ শতাংশ। গাঁওখনৰ এখন বিবাহ ঘৰৰ পৰাই ক’ভিডৰ গণ সংক্ৰমণ হোৱাৰ আশংকা। সম্পূৰ্ণ কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা হোৱাৰ পিছতেই দেওবাৰে অঞ্চলটোক ৰেড জ’ন ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা।
দেওবাৰে পুৱাৰে পৰা গাঁওখনত স্থানীয় গাওঁবুঢ়া আৰু মণ্ডলে পৰিস্থিতিৰ বুজ লোৱা পৰিলক্ষিত হৈছে। বৰ্তমানলৈকে গাঁওখনত উপস্থিত হোৱা নাই কোনো প্ৰশাসনিক বিষয়া। ইতিমধ্যে স্বাস্থ্য বিভাগে ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলি, নাওকাটা আদিকে ধৰি কেইবাঠাই ৰেড জ’ন ঘোষণা কৰি থৈছে। তেনে সময়তে মহকুমাটোৰ কাউলীৰ তৰুণগাঁওত ক’ভিড ১৯ ৰ ভয়াবহ সংক্ৰমণৰ খবৰ পোহৰলৈ আহিছে।
স্বাস্থ্য বিভাগৰ লোকে শনিবাৰে গাঁওখনত ১৫০ জন লোকৰ ক’ভিড পৰীক্ষা কৰিছিল আৰু ইয়াৰে ২০ টাকৈ পৰিয়ালৰ মুঠ ৩৮ জন লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি। ইয়াৰ পুৰ্বেও গাঁওখনত বহু কেইজন লোকৰ দেহত পোৱা গৈছিল ক’ভিড। ইয়াকে লৈ সমগ্ৰ জিলাখনত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।সংক্ৰমণ হোৱা লোক সকলৰ ভিতৰত শিশু, যুৱক-যুৱতী, মহিলাকে ধৰি বৃদ্ধ লোকো আছে।
লগতে পঢ়ক : মাছৰ উৎপাদন ৫ লাখ মেট্ৰিক টনলৈ বৃদ্ধি কৰাৰ বাবে জিন বেংক স্থাপন
এনে ভয়াবহ পৰিস্থিতিৰ পিছতো পজিটিভ ৰোগীয়ে মাস্ক নিপিন্ধাকৈ ঘূৰি ফুৰা পৰিলক্ষিত হৈছে। ক’ভিড বিধি নামনি মুক্তভাৱে ঘূৰা ফুৰা কৰা বাবে অঞ্চলটোত হৈছে ভয়াবহ সংক্ৰমণ। আৰক্ষী প্ৰশাসন কঠোৰ ব্যৱস্থা নললে হ’ব পাৰে ভয়াবহ পৰিস্থিতি।