বিশ্বনাথ : দেশজুৰি অব্যাহত আছে ক’ভিডৰ সংহাৰী ৰূপ। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ব্যাপক হাৰত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। সংক্ৰমণৰ হাৰ ৰোধ কৰাৰ বাবে ইতিমধ্যে ৰাজ্যজুৰি ঘোষণা কৰা হৈছে সান্ধ্য আইন। ক’ভিডৰ এই ভয়াবহ পৰিস্থিতিৰ মাজতে বিশ্বনাথৰ পৰা আহিছে এক ভাল খবৰ।

বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ ক’ভিড কেয়াৰ চেণ্টাৰত ক’ভিড আক্ৰান্ত দুগৰাকী প্ৰসূতিয়ে জন্ম দিয়ে দুটি সন্তান। ইয়াৰে এগৰাকী বিহালী ৰাংচালী গাঁৱৰ নিৰ্মলা বাউৰি নামৰ প্ৰসূতিয়ে ১৮ মে’ তাৰিখে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ ক’ভিড কেয়াৰ চেন্টাৰত জন্ম দিয়ে এটি পুত্ৰ সন্তান। ইয়াৰ এদিন পিছতে অৰ্থাৎ ২০ মে’ত পুনৰ এই ক’ভিড কেয়াৰ চেন্টাৰত বিশ্বনাথৰ নিলপুৰ চাহ বাগিচাৰ লিকিটা গোৱালা নামৰ প্ৰসূতিয়ে জন্ম দিয়ে এটি কন্যা সন্তান।

দুয়ো গৰাকী প্ৰসূতিয়ে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত ক’ভিড ৰোগত আক্ৰান্ত হৈ থকা সময়তে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ চিকিৎসক সকলৰ প্ৰচেষ্টাত নৰ্মেল ডেলিভাৰী কৰাই জন্ম দিয়ে এই দুটি সুস্থ সন্তান। ইতিমধ্যে বিশ্বনাথ অসামৰিক চিকিৎসালয় কতৃপক্ষই এই দুই গাৰাকী প্ৰসূতিকে যথেষ্ট যত্ন লোৱা বুলি প্ৰকাশ কৰিছে কিন্তু এইফালে জন্ম হোৱা সন্তান দুটি ক’ভিড আক্ৰান্ত নে ক’ভিড মুক্ত এতিয়াও জানিব পৰা হোৱা নাই।

লগতে পঢ়ক : দক্ষিণ কামৰূপৰ কুলশীৰ টিয়ামাৰীত পুনৰ বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ

চিকিৎসকে দুদিনৰ পিছতহে জন্ম হোৱা শিশু দুটিৰ ক’ভিড টেষ্ট কৰিব আৰু তাৰ পিছতহে জানিব পৰা যাব যে সন্তান দুটিৰ শাৰিৰীক অৱস্থা কেনে ? বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত এই দৰে দুগৰাকী ক’ভিড আক্ৰান্ত প্ৰসূতিয়ে সুস্থ সন্তান জন্ম দিয়া ঘটনাই সাধাৰণ ৰাইজৰ মনত নিৰাশাৰ সময়তো এক আশাৰ বতৰা কঢ়িয়াই আনিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply