গুৱাহাটী : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। হাস্পতালখনৰ তৃতীয় মহলৰ পৰা জঁপিয়াই আত্মহত্যা কৰিছে এজন ক’ভিড ৰোগীয়ে। সমগ্ৰ ঘটনা বন্দী হৈছে কেমেৰাত।
সমগ্ৰ দেশৰ লগতে অসমতো ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক ক’ভিডে। দেশত প্ৰতিদিনে কেইবা লক্ষাধিক লোক ক’ভিডত আক্রান্ত হৈ থকাৰ লগতে মৃত্যুৰ মুখত পৰি আছে হাজাৰ হাজাৰ লোক। ক’ভিডৰ দ্বিতীয়টো ঢৌৱে অসমতো পৰিস্থিতি শোচনীয় কৰি তুলিছে।
অসমত ব্যাপক হাৰত ক’ভিড আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাই থকাৰ মাজতে মঙলাবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। এজন ক’ভিড ৰোগীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ তৃতীয় মহলৰ পৰা জঁপিয়াই আত্মহত্যা কৰে।
আক্ৰান্ত ক’ভিড ৰোগী গৰাকী ছয়গাঁৱৰ দীপক দাস বুলি জানিব পৰা গৈছে। ক’ভিড আক্রান্ত ৰোগী জনক যোৱা ৮ মে’ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।
উল্লেখ্য যে ক’ভিড ৰোগী জনৰ আত্মহত্যাৰ সমগ্ৰ দৃশ্য কেমেৰাত বন্দী হৈছে।