গুৱাহাটী : মহামাৰী ক’ভিডৰ সংহাৰৰ মাজতে পূজা উদযাপন কৰিবলৈ সম্পূৰ্ণ প্ৰস্তুত দেশবাসী। ৰাজ্যত ক্ৰমাৎ ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ লগে লগে পূজাকলৈ ৰাজ্যবাসীৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰস্তুতি। ক’ভিডৰ বাবে পূৰ্বৰ দৰে উৎসাহ নাথাকিলেও ইতিমধ্যে পূজা সমিতিৰ সমূহে সকলো প্ৰস্তুতি সম্পন্ন কৰিছে।

বিগত দুবছৰ ধৰি ক’ভিডৰ বাবে ৰাইজৰ মাজত পূজাৰ আনন্দ নাই যদিও পূজা সমিতি সমূহে পূজা মাণ্ডপৰ মাধ্যমেৰে ৰাইজৰ মাজত ক’ভিড সম্পৰ্কীয় সজাগতা সৃষ্টিৰ চেষ্টা চলাই থকা পৰিলক্ষিত হৈছে। ক’ভিডৰ প্ৰথমটো ঢৌৰ সময়ত বিভিন্ন পূজা মাণ্ডপে ৰাইজক ক’ভিডৰ পৰা ৰক্ষা পাবলৈ সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে সঘনাই হাত ধুই থাকৰ বাবে সজাগতা সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছিল।

এইবাৰ মাৰাত্মক ক’ভিডৰ দ্বিতীয়টো ঢৌৱে ভাৰতত অধিক তাণ্ডৱলীলা চলাইছে যদিও দেশজুৰি চলি থকা ক’ভিড প্ৰতিষেধক কাৰ্যসূচীৰ ফলত ভাৰতে ক’ভিড মহামাৰীক বহুখিনি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে। ফলত এইবাৰ দেৱী দুৰ্গাৰ হাতত দেখিবলৈ পোৱা গৈছে ক’ভিড প্ৰতিষেধক। মহানগৰী পাণ্ডুৰ কলেজ গেট পূজা সমিতিয়ে ৰাইজৰ মাজত ক’ভিড সম্পৰ্কীয় সজাগতা সৃষ্টি কৰাৰ বাবে এক বিশেষ পূজা মাণ্ডপৰ নিৰ্মাণ কৰি ৰাইজৰ দৃষ্টি আকর্ষণ কৰিছে।

দেশজুৰি চলি থকা ব্যাপক ক’ভিড প্ৰতিষেধক কাৰ্যসূচীৰ আধাৰৰ এই পূজা সমিতিয়ে এইবাৰ পূজা মাণ্ডপ নিৰ্মাণ কৰে। পূজা মাণ্ডপত এফালে ক’ভিড ভাইৰাছক দৈত্যৰ ৰূপত স্থাপন কৰা হৈছে আৰু এই ক’ভিড দৈত্যৰ বধ কৰিবলৈ মা দুৰ্গা হাতত আছে ক’ভিড প্ৰতিষেধক। পাণ্ডুৰ এই পূজা সমিতিয়ে প্ৰতিবছৰে ব্যতিক্ৰমী পূজা মাণ্ডপ নিৰ্মাণ কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ দৰে এইবছৰো ক’ভিড প্ৰতিষেধক থিমৰ পূজা মাণ্ডপৰ জৰিয়তে ৰাইজক আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব বুলি পূজা সমিতিৰ কৰ্মকর্তা সকলে আশা প্ৰকাশ কৰিছে।

লগতে পঢ়ক : কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচনক লৈ প্ৰস্তুতি আৰম্ভ শাসকীয় বিজেপিৰ

উল্লেখ্য যে ক’ভিডসৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ৰাজ্য চৰকাৰৰে বিশেষ নীতি-নিৰ্দেশনাৰ মাজত পূজা সমিতি সমূহক পূজা উদযাপন কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। ক’ভিডৰ বাবে পূজা সমিতি সমূহেও পুৰ্বৰ তুলনাত এইবাৰ অতি কম বাজেটত পূজা অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে। পাণ্ডুৰ কলেজ গেট পূজা সমিতিৰ এইবাৰৰ বাজেট মাত্ৰ ৫ লাখ টকা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply