নিউজ ডেস্ক : দেশত বর্তমানেও অব্যাহত আছে ক’ভিড সংক্ৰমণ। এতিয়াও প্ৰতিদিনে বহু লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ আছে যদিও পূৰ্বৰ তুলনাত দেশত হ্ৰাস পাইছে ক’ভিডৰ সংক্ৰমণ।

দেশজুৰি ক’ভিড প্ৰতিষেধক অভিযান পূৰ্ণ গতিত চলি থকাৰ মাজতে দেশত ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে ক’ভিডৰ সংক্ৰমণ।ভাৰতত যোৱা ২৪ ঘন্টাত ১০,১৯৭ জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে।

স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, এই সময়ছোৱাত দেশত সুস্থ হৈ উঠিছে ১২,১৩৪ জন লোক। অৰ্থাৎ নতুনকৈ আক্ৰান্তৰ তুলনাত আৰোগ্যৰ সংখ্যা বৃদ্ধি পাইছে যোৱা ২৪ ঘন্টাত। উল্লেখ্য যে, ভাৰতত বৰ্তমান সময়ত আৰোগ্যৰ হাৰ ৯৮.২৮ শতাংশলৈ বৃদ্ধি পাইছে।

ইফালে, এতিয়াও ক’ভিডত আক্ৰান্ত হৈ দেশত চিকিৎসাধীন হৈ আছে ১,২৮,৫৫৫ জন ৰোগী। মন কৰিব লগা যে, ভাৰতত পজিটিভিটী হাৰ ০.৮২ শতাংশ। যোৱা ৪৪ দিন ধৰি দেশত পজিটিভিটীৰ হাৰ ২ শতাংশৰ তলতেই আছে।

লগতে পঢ়ক : শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আক্রান্তৰ সংখ্যা হ্ৰাস পাইছে। অসমত যোৱা ২৪ ঘণ্টাত ২৪৭ জন লোক আক্ৰান্ত হৈছে। সৰ্বাধিক আক্ৰান্ত হোৱা জিলা কামৰূপ মেট্ৰ’, য’ত ১১৯ জন লোক আক্ৰান্ত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply