স্বাস্থ্য মন্ত্ৰী

ৰাজ্যৰ প্ৰতিখন মেডিকেল কলেজ আৰু চিভিল হাস্পতালত শিশুৰ বাবে ICU স্থাপন কৰা হ’ব৷ এসপ্তাহৰ ভিতৰত পেডিয়েট্ৰিক আইচিইউৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব। এই মন্তব্য কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই |

ৰাজ্যৰ ক’ভিড পৰিস্থিতিক লৈ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কয় ,কোৰোনাৰ তৃতীয় ৱেভক লৈ সাজু হৈছে ৰাজ্য চৰকাৰ | প্ৰতিখন মেডিকেল কলেজ আৰু চিভিল হাস্পতালত শিশু ICU স্থাপন কৰা হ’ব৷ এসপ্তাহৰ ভিতৰত শিশুৰ বাবে আইচিইউৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব।
হোম কোৱাৰেণ্টাইন ব্যৱস্থা সম্পূৰ্ণকৈ বন্ধ কৰা হৈছে ৷ যাৰ পৰ্যাপ্ত সুবিধা নাই তেওঁলোকৰ হোম আইছ’লেচন নিষিদ্ধ কৰা হৈছে। শেহতীয়াকৈ স্বাস্থ্য বিভাগে লোৱা ব্যবস্থাসমূহৰ ফল শীঘ্ৰেই পোৱা যাব বুলি মন্তব্য কৰে কেশৱ মহন্তই। ইয়াৰ উপৰি প্ৰত্যেক জিলাতে আইচিইউ নিৰ্মাণৰ চেষ্টা কৰা হৈছে। সংক্ৰমণ হ্ৰাস পোৱাৰ দৰে মৃত্যুৰ সংখ্যাও কমিব বুলি আশা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ।

লগতে পঢ়ক আজিৰ দিনটোত আক্ৰান্ত ৫৭৬৭ জন, মৃত্যুৰ সংখ্যা ৯২

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply