কোৰোনাত আক্ৰান্ত।

অসমত আকৌ ৫৬৯৯জন কোৰোনাত আক্ৰান্ত।
অসমত কোৰোনাত আক্ৰান্তৰ ভিতৰত ৫৭০জন কামৰূপ মেট্ৰ’ৰ, ৪৮৪জন ডিব্ৰুগড়ৰ, ৪৭৩জন কাচাৰৰ আৰু ৪১৭জন নগাঁৱৰ।
ৰাজ্যত এতিয়ালৈকে কোৰোনাত আক্ৰান্ত সংখ্যা ৩৮৬৮৭৯জনলৈ পাইছে বৃদ্ধি।

ইফালে, বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ৬২৬৬জন লোক।
আনহাতে, দিনটোত অসমত কোৰোনাত আক্ৰান্ত ৯০জন লোকে হেৰুৱাই প্ৰাণ।ইয়াৰে কামৰূপ মেট্ৰ’ৰ ১৮ গৰাকী, তিনিচুকীয়াৰ ৮ গৰাকী, কাছাৰ, ডিব্ৰুগড় আৰু কামৰূপ গ্ৰাম্যৰ ৮ গৰাকীকৈ লোকৰ মৃত্যু হয় ।
ৰাজ্যখনত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৫২৮৮৪জন ৰোগী।
বুধবাৰৰ দিনটোত আক্ৰান্তৰ হাৰ আছিল ৪.৯১ শতাংশ ।

লগতে পঢ়ক নগাঁৱত ব্যাপক ড্ৰাগছ বিৰোধী অভিযান; মষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়াসহ ১২জনক গ্ৰেপ্তাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply