প্ৰতিদিনে কৰোনাত আক্ৰান্ত হৈ বহু লোকৰ মৃত্যু ঘটিছে ৰাজ্যত। ইজনৰ পিছত সিজনৰ দেহত ধৰা পৰি আছে কৰোনাৰ অৱস্থিতি।
আজিৰ দিনটোত অসমত ৩২৪৫ জন লোক আক্ৰান্ত হয় ক’ভিডত। অবশ্যে দেওবাৰৰ দিনটোত ৭১,৫৯৮ জনৰ পৰীক্ষা কৰোৱা হৈছিল। কামৰূপ মেট্ৰ’ত আক্ৰান্ত হয় ৪২২ জন। আজিৰ দিনটোত মৃত্যু হয় ৫৫ জন লোকৰ । আক্ৰান্তৰ হাৰ ৪.৫৮ শতাংশ ।
দেশত ক্ৰমাত্ কমিছে কৰোনাত আক্ৰান্তৰ সংখ্যা। কেইবাখনো ৰাজ্যত সুস্থ হোৱা লোকতকৈ আক্ৰান্ত কমিছে যদিও, উত্তৰ-পূৱৰ ৬ ৰাজ্যত সুস্থ হোৱা লোকতকৈ বাঢ়িছে আক্ৰান্তৰ সংখ্যা ।
ৰাজ্যত ব্যতিক্ৰমী কৰোনা পৰিস্থিতি। গুৱাহাটী মহানগৰ নহয়, প্ৰথমবাৰলৈ মৃত্যুৰ সংখ্যা বৃদ্ধি পালে ৰাজ্যৰ আন জিলাত। শুকুৰবাৰ পৰ্যন্ত মৃত্যুৰ সংখ্যাৰে শীৰ্ষত আছিল কামৰূপ মহানগৰ জিলা। পিছে, যোৱা ২৪ ঘণ্টাত অৰ্থাত শনিবাৰৰ দিনটোত মৃত্যুৰ সংখ্যাৰে শীৰ্ষ স্থান পালেগৈ তিনিচুকীয়া। দ্বিতীয় স্থানত থাকিল কাছাৰ।
ৰাজ্যৰ চাহ বাগিচাসমূহত কৰ’নাৰ ভয়াৱহ গণ সংক্ৰমণ। এনে সময়ত স্তব্ধ হৈ পৰিছে ৰাজ্যৰ ভেকচিন প্ৰদান প্ৰক্ৰিয়া। এসপ্তাহৰ বাবে ১৮ ঊৰ্ধ্বই নাপাব ভেকচিন। জুলাই মাহতহে পৰ্যাপ্ত ভেকচিনৰ আশ্বাস মুখ্যমন্ত্ৰীৰ।
লগতে পঢ়ক তৃতীয় বাৰৰ বাবে বিয়াত বহিল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন