আজিৰে পৰা দুৰ্গাপুজাৰ আয়োজন চলিছে ৰাজ্যত । মেলা তথা সাংস্কৃতিক অনুষ্ঠান বাতিল কৰা হৈছে যদিও পুজাৰ সময়ত ভীৰ হোৱালৈ চাই কঠোৰ হৈছে প্ৰশাসন । কালিৰ দিনটোতো অসমত পুনৰ ১৬০জন কোৰোনাত আক্ৰান্ত হৈছে।
ইয়াৰে ৬০জন কামৰূপ মেট্ৰ’ৰ, ২১জন যোৰহাটৰ, ১২জন লখিমপুৰৰ আৰু ১০জন নগাঁৱৰ। এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬০৪৯৬৯জনলৈ পাইছে বৃদ্ধি।

আনহাতে, দেওবাৰৰ দিনটোত অসমত সুস্থ হয় ২৪০জন লোকৰ। উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ৫জনৰ মৃত্যু হয় । এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৬০৫জন ৰোগী।

ইফালে ২৪ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত হৈছে ১৮হাজাৰ ১৩২গৰাকী লোক। এই সময়চোৱাত ২১হাজাৰ ৫৬৩গৰাকী লোক সুস্থ হৈ ঘৰলৈ উভটিছে। ১৯৩গৰাকী ৰোগীৰ মৃত্যু হৈছে এই ২৪ঘন্টাৰ সময়চোৱাত। বৰ্তমানো কোৰোনাত আক্ৰান্ত হৈ দেশত ২লাখ ২৭হাজাৰ ৩৪৭ চিকিৎসাধীন হৈ আছে।


ভাৰতত এতিয়ালৈকে ৯৫কোটি ১৯লাখ ৮৪হাজাৰ ৩৭৩গৰাকী লোকক প্ৰদান কৰা হৈছে ভেকচিন।

লগতে পঢ়কঃ আজি ষষ্ঠীৰ বেদীত প্ৰাণ প্ৰতিষ্ঠা হ’ব দেৱীৰ, গুৱাহাটীৰ পুজা কমিটি সমুহলৈ কঠোৰ নিৰ্দেশ প্ৰশাসনৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,346 other subscribers

Leave a comment

Leave a Reply