ৰাজ্যত ভয়ংকৰ ৰূপত কৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে। একেদিনাই ৰাজ্যত কৰোনাত আক্ৰান্তৰ সংখ্যা ১১৬৭জনলৈ বৃদ্ধি। কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ৫১৭জন আক্ৰান্ত কৰোনাত। ২৪ ঘণ্টাত অসমত কৰোনাত মৃত্যু দুজন লোকৰ। সংক্ৰমণৰ হাৰ ২৪ ঘণ্টাত ২.৩৭ৰ পৰা ৩.৩২ শতাংশলৈ বৃদ্ধি।

ৰাজ্যত দ্ৰুত হাৰত কৰোনা সংক্ৰমণ বৃদ্ধি পোৱাৰ পিছতো একাংশ লোকৰ নাই ভ্ৰূক্ষেপ।আজিও মাস্ক অবিহনে বজাৰ-সমাৰ, ক’ৰ্ট-কাছাৰীত একাংশৰ ভিৰ। সমৱেত লোকসকলৰ মাজত নাই কোনো সামাজিক দূৰত্ব । চৰকাৰী নিৰ্দেশনাক কেৰেপ নকৰি অবাধ ফুৰা-চকা কৰি উলংঘা কোভিড বিধি।

দেশত ক্ৰমাৎ বৃদ্ধি পাই গৈ আছে কোৰোনাৰ সংক্ৰমণ। ভাৰতত যোৱা ২৪ ঘন্টাত ১৪১৯৮৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যত এই সময়চোৱাত সুস্থ হয় ৪০৮৯৫জন লোক।
ইফালে, ২৪ ঘন্টাত দেশত কোৰোনাত আক্ৰান্ত ২৮৫জনৰ মৃত্যু হয়। বৰ্তমান দেশত পজিটিভিটী হাৰ ৯.২৮ শতাংশ। আনহাতে, দেশত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৪৭২১৬৯জন ৰোগী।

চুবুৰীয়া ৰাজ্য মিজোৰামত ভয়াৱহ ৰূপ লৈছে ক’ভিডে। প্ৰতিদিনে ভয়াৱহভাবে নতুন নতুন ক’ভিড পজিটিভৰ ঘটনা পোহৰলৈ আহিছে। যোৱা ২৪ ঘণ্টাত নতুনকৈ ৮৫২জন লোক আক্ৰান্ত হৈছে।

ইয়াৰ লগতে ক’ভিডৰ হাতত পৰাস্ত হৈ দুজন লোকৰ মৃত্যু ঘটিছে। এইপৰ্যন্ত মিজোৰামত আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ১,৪৪,৬২৪গৰাকীলৈ। বৰ্তমান ৩,৬১৭গৰাকী লোকৰ চিকিত্সা চলি আছে। ৰাজ্যখনত ক’ভিডত মৃত্যু ঘটিছে মুঠ ৫৫৭জন লোকৰ।

লগতে পঢ়ক- বিশ্বনাথত পুনৰ এনকাউন্টাৰ! চিকিৎসালয়ত ড্ৰাগছ মাফিয়া শিৱা ভূঞা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply