ৰাজ্যত ক্ৰমান্বয়ে স্বাভাৱিক হোৱাৰ পথত কোৰোনা পৰিস্থিতি। কিয়নো বিগত কিছুদিনৰ পৰা হ্ৰাস পাবলৈ ধৰিছে কোৰোনাত আক্ৰান্তৰ সংখ্যা। এইক্ষেত্ৰত সাৱধানতাইহে নিয়ন্ত্ৰণলৈ আনিব কোৰোনা পৰিস্থিতি। অৱশ্যে এতিয়াও উদ্বেগজনক অৱস্থাত কৰোনাত আক্ৰান্তৰ মৃত্যুৰ সংখ্যা।
সোমবাৰে গুৱাহাটীৰ বজাৰত অভাৱনীয় পৰিৱেশ। সামগ্ৰী ক্ৰয় কৰিবলৈ বজাৰত উবুৰি খাই পৰিল গ্ৰাহক। কোনো ক’ভিড বিধি নমনাকৈ বজাৰৰ পৰা সামগ্ৰী ক্ৰয় কৰি লৈ গ’ল ভিন্নজনে।
বজাৰৰ লগতে ৰাজপথতো পুৱা ৭ মান বজাৰ পৰা যান যঁট । যুগ্ম আৰু অযুগ্ম নীতি বহু ক্ষেত্ৰতেই দেখা ন’গল ।আক্ৰান্তৰ হাৰ ৫ শতাংশ লৈ নমা বিষয়টোবে বহুতকে উৎসাহিত কৰিছে । এনে সময়ত ৰাইজৰ এইদৰে মুক্ত বিচৰণে পুনৰ সমস্যা কঢ়িয়াই আনিব ।
আনহাতে ,দেওবাৰে জাগীৰোডত কেৰালাৰ পৰা অহা বহু যুবক ৰেলৰ পৰা নামি COVID TEST নকৰাকৈ পলায়ন কৰা ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ।আৰক্ষী সুত্ৰই প্ৰকাশ কৰা মতে এতিয়ালৈকে ৩২ জন যাত্ৰীক মৈৰাবাৰী আৰক্ষীয়ে চিনাক্ত কৰি পৰীক্ষা কৰোৱাত দুজন ক’ভিড পজেটিভ পোৱা যায়।
লগতে পঢ়ক উৰুখা পঁজাতে সপোন ৰছা এগৰাকী কবি-সাহিত্যিকৰ জীৱন গাঁথা