গোলাঘাট: গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ কন্টেইমেন্ট জ’ন আৰু হ’ম কোৰেন্টাইনত থকা লোক সকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিছে বিধায়ক মৃণাল শইকীয়াই। বিধায়ক গৰাকীয়ে চাহ বাগিচা অঞ্চল সমূহত যি দ্ৰুত গতিত ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱালৈ চাই তাৰ বাবে অসম চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
খুমটাইৰ শাঁওতলী চাহ বাগিচাত গণ সংক্ৰমণ হোৱাৰ বাবে শাঁওতলী বাগিচাৰ এটা অঞ্চলত কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে । হাবিছোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত শাঁওতলী বাগিচাৰ ৮ আৰু ৯ নং ৱাৰ্ডত একেলগে ১৬ জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাত প্ৰশাসনে কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰি অঞ্চলটোত বেৰিকেড লগাই পথ বন্ধ কৰি দিছে ।
অঞ্চলটোত কোনো লোকৰ প্ৰৱেশ-প্ৰস্থান সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে গোলাঘাট জিলা প্ৰশাসনে ৷ উল্লেখ্য যে কেইদিনমান আগত এখন বিবাহ অনুষ্ঠিত হৈছিল আৰু তাৰ পৰাই গণ সংক্ৰমন হৈছে বুলি ধাৰণা কৰা হৈছে ৷
ইতিমধ্যে বিবাহৰ পিছত শাঁওতলী বাগিচাৰ এই অঞ্চলটোত এইকেইদিনত মুঠ ২০ জনৰ দেহত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি । বাগিচা অঞ্চলত বহুকেইজন কোভিডত আক্ৰান্ত হোৱাত সমগ্ৰ অঞ্চলটোৰ লোকসকল আতংকিত হৈ পৰিছে ৷
গোলাঘাট জিলাত যোৱা ১০ দিনত ১২০২ জন লোক আক্ৰান্ত হৈছে । কালিৰ দিনটোত ১৭৪ জন লোক আক্ৰান্ত হৈছে জিলা খনত আৰু এজনৰ মৃত্যু হৈছে ।
আৰু পঢ়ক http://তিনিচুকীয়া, যোৰহাটত বাহন চলাচলৰ ক্ষেত্ৰত যুগ্ম-অযুগ্ম নিয়ম বলৱৎ