গোলাঘাট জিলাত ক্ৰমান্বয়ে কমিব ধৰিছে ক’ভিড পজিটিভিটিৰ হাৰ । পূৰ্বৰ ৮-৯ শতাংশৰ তুলনাত বুধবাৰে জিলাখনত পজিটিভিটিৰ হাৰ ৪.৭ শতাংশলৈ নামি অহাৰ তথ্য দাঙি ধৰিছে জিলা স্বাস্থ্য বিভাগে । বৰ্তমান জিলাখনৰ একাংশ গ্ৰাম্যাঞ্চল আৰু চাহ বাগিচা এলেকাত ক’ভিড সংক্ৰমণ বৃদ্ধি পাই আছে যদিও চহৰাঞ্চল সমুহত ইয়াৰ প্ৰকোপ কিছু কমিছে ।
বুধবাৰৰ দিনটোত জিলাখনৰ বিভিন্ন স্থানত হোৱা ২৮৯৯ টা ৰেপিড এন্টিজেন টেষ্টত ১৩৭ জন আৰু আৰ টি পি চি আৰ পৰীক্ষাত ১ জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে । ইয়াকে লৈ জিলাখনত বিগত এক এপ্ৰিলৰ পৰা বুধবাৰৰ দিনটোলৈকে মুঠ ৩২২০ জন লোক কভিডত আক্ৰান্ত হৈছে যদিও বৰ্তমান জিলাখনত ৮৮৪ গৰাকী লোকৰ দেহতহে ক’ভিডৰ সংক্ৰমণ সক্ৰিয় হৈ আছে ।
এইসকলৰ ভিতৰত ৫২৫ গৰাকী আক্ৰান্ত হ’ম আইছলেছনত, ১৫৯ জন বিভিন্ন চিকিৎসালয়ত আৰু ২০০ জন ক’ভিড কেয়াৰ চেন্টাৰত আছে । বুধবাৰৰ দিনটোত আৰোগ্য লাভ কৰিছে ১৬৬ জন লোকে। ইয়াৰে ১৪৬ জন হ’ম আইছলেছনত থকা আৰু ২০ জন চিকিৎসালয়ত আছে।
বুধবাৰৰ দিনটোত গোলাঘাট ক’ভিড চিকিৎসালয়ত ১০৩ জন, বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ৪৫ জন, উৰিয়ামঘাট সমুহীয়া প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ৩৮ জন, খুমটাই সমুহীয়া স্বাস্থ্য কেন্দ্ৰত ৩৪ জন, নুমলীগড় ভি কে এন আৰ এল হস্পিটেলত ২৭ জন, জিলা কাৰাগাৰ চিকিৎসালয়ত ২৩ জন আৰু অন্যান্য চিকিৎসালয়ত ১১ জন চিকিৎসাধীন হৈ আছে।
জিলা খনত চিনাক্ত হোৱা ক’ভিড আক্ৰান্ত সকলৰ ভিতৰত কে বি আলিত ১৬ জন, বোকাখাতত ২২ জন, সৰুপথাৰত ১৭ জন, শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ২৫ জন, মিছামৰাত ২০ জন , চাৰিঙিয়াত ৩৩ জন আৰু মৰঙিত ৫ জন লোক আছে ।
ইয়াৰ বিপৰীতে বুধবাৰে জিলাখনত দুগৰাকী ক’ভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে । বৰ্তমানলৈকে জিলাখনত ক’ভিড আক্ৰান্তৰ লোকৰ মৃত্যুৰ সংখ্যা ৩৩ জনলৈ বৃদ্ধি পালে । বুধবাৰৰ দিনটোত জিলাখনত মৃত্যু হৈছে দুগৰাকী ৩৮-৩৯ বছৰীয়া দুগৰাকী মহিলাৰ । ইয়াৰে এগৰাকী হৈছে খুমটাই চংকলাৰ বিনু কৰ্মকাৰ। ৩৮ বছৰীয়া এই মহিলা গৰাকী ১৪ মে’ত ক’ভিড পজিটিভ হিচাপে ধৰা পৰিছিল।
হ’ম আইছলেশ্যনত থকা এই মহিলা গৰাকীৰ আজি স্বাস্থ্যৰ গুৰুতৰ ভাবে অবনতি ঘটাত গোলাঘাট ক’ভিড চিকিৎসা লয়লৈ নিয়াৰ সময়তে মৃত্যু হয়।
লগতে পঢ়ক বানাক্ৰান্তসকললৈ তাৎক্ষণিকভাৱে সাহায্য প্রদানৰ পদক্ষেপ ল’বলৈ মুখ্যমন্ত্রীৰ নির্দেশ