দেশত কোৰোনাৰ প্ৰকোপ অব্যাহত আছে। বিগত ২৪ঘন্টাত দেশত ২লাখ ৮৬হাজাৰ লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হোৱাৰ ঘটনাই চিন্তিত কৰি তুলিছে দেশবাসীক। এই সময়চোৱাত দেশত ৫৭৩গৰাকী ৰোগীৰ মৃত্যু হৈছে।
বিগত ২৪ঘন্টাত ৩লাখ ৬হাজাৰ ৰোগী সুস্থ হৈ ঘৰলৈ উভতাৰ লগতে ২২লাখ ৰোগী এতিয়াও চিকিতসাধীন অৱস্থাত আছে। দেশত পজিটিভিটিৰ হাৰ হৈছে ১৯.৫৯শতাংশ।
অসমত পুনৰ ১৯৫১জন লোকৰ কোভিড পজিটিভ। ইয়াৰে ৪২২জন কামৰূপ মেট্ৰ’, ১৩৯জন যোৰহাটৰ, ৯১জন লখিমপুৰৰ আৰু ৮৭জন ডিব্ৰুগড়ৰ।
ৰাজ্যত বুধবাৰে কোৰোনাত আক্ৰান্ত ২১জনকৈ লোকে হেৰুৱাই প্ৰাণ। বৰ্তমান সময়ত ৰাজ্যত পজিটিভিটী হাৰ ৯.৮৫ শতাংশ। ইফালে, বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৭৩৬৫জন লোক।
লগতে পঢ়ক- পলাশবাৰীত ৰেলৰ খুন্ডাত হাতীৰ কৰুণ মৃত্যু
কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা আক্ৰান্ত হৈছে ক’ভিডত। ক’ভিড টেষ্টৰ সময়ত ধৰা পৰে ক’ভিড পজিটিভৰ কথা। উপায়ুক্তগৰাকীৰ সৈতে সংস্পৰ্শলৈ অহা সকলো লোককে ক’ভিড টেষ্ট কৰাৰ আহ্বান। ইয়াৰ লগতে প্ৰশাসনে বান্ধি দিয়া সকলো লোককে ক’ভিড বিধিসমূহ মানি চলাৰ আহ্বান উপায়ুক্তগৰাকীৰ।