মানকাচৰ: দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ চৰঅঞ্চলৰ চিকিৎসালয় সমূহত ক’ভিড পৰিস্থিতিৰ বুজ ললে বিধায়ক আমিনুল ইছলাম আৰু জিলা উপায়ুক্ত নিসৰ্গ হিৱৰে ৷
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ চৰ অঞ্চলৰ স্বাস্থ্য কেন্দ্ৰত ক’ভিড পৰিস্থিতিৰ বুজ লোৱাৰ সমান্তৰালভাৱে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি এই মহামাৰীৰ পৰা কেনেদৰে উদ্ধাৰ হব পাৰি তাৰো বাখ্যা আগবঢ়াই মানকাচৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলাম আৰু জিলা খনৰ উপায়ুক্ত নিসৰ্গ হিৱৰে ।
চৰ অঞ্চল সমূহত এতিয়াও ক’ভিড সম্পৰ্কে নাই সজাগতা, ক’ভিড টেষ্ট আৰু ক’ভিড ভেকচিন সম্পৰ্কে এতিয়াও ভুল ধাৰণা বিৰাজ কৰিছে চৰাঞ্চলৰ ৰাইজৰ মাজত ৷
ক’ভিড সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা উপায়ুক্ত নিসৰ্গ হিৱৰে আৰু বিধায়ক আমিনুল ইছলামে সুখচৰ স্বাস্থ্য কেন্দ্ৰত উপস্থিতহৈ স্বাস্থ্য কৰ্মী সকলোৰ লগত মিলিত হৈ ক’ভিড পৰিস্থিতিৰ বুজ লয় আৰু ৰাইজক কৰোনা সম্পৰ্কে সজাগ কৰাৰ চেষ্টা কৰে ৷
লগতে পঢ়ক তৃতীয় বাৰৰ বাবে বিয়াত বহিল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন