মৰাণ: ডিব্ৰুগড় জিলাৰ খোৱাঙত ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে কভিড পজিটিভৰ সংখ্যা । খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত প্ৰাথমিক চিকিৎসালয় আৰু উপস্বাস্থ্য কেন্দ্ৰ সমূহত কালি দিনটোতে ৩৫ গৰাকীকৈ লোকৰ দেহত কভিড পজিটিভ ধৰা পৰিছে ।
ইফালে খোৱাঙৰ দুখনকৈ বিদ্যালয়ত কভিড পজিটিভ ধৰা পৰাত বিদ্যালয় দুখন ৭ দিনৰ বাবে বন্ধ ঘোষণা কৰিছে । চিকিৎসক এম সোনোৱালে জানিবলৈ দিয়া অনুসৰি খোৱাং তিনঠেঙীয়া কাৰিকৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৪ গৰাকী শিক্ষক আৰু ২ গৰাকী ছাত্ৰসহ মুঠ ৬ জন আৰু চেচুঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৫ জন শিক্ষক আৰু এগৰাকী কৰ্মী মুঠ ৬ জনৰ দেহত কভিড পজিটিভ ধৰা পৰিছে ।
বাকী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলৰ টেষ্ট কৰা হৈছে বুলি জানিব পৰা গৈছে । দুয়োখন বিদ্যালয় ৭ দিনৰ বাবে বন্ধ ঘোষণা কৰিছে । ইফালে ইয়াৰ পিছতে খোৱাং অঞ্চলত কভিডক লৈ এক আতংক সৃষ্টি হৈছে ।
লগতে পঢ়কঃ নতুন অসমীয়া চলচ্চিত্ৰ ‘গেংছ অফ এ ফেমিলি’ৰ পোষ্টাৰ মুকলি