সোণাৰি: ৰাজ্যত অব্যাহত থকা ক’ৰণা মহামাৰীৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ইয়াক নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ লক্ষ্যৰে আজি সোণাৰি নগৰত চেনিটাইজেচন কাৰ্যসূচী গ্ৰহণ কৰা হয়।
টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত গ্ৰহণ কৰা হয় এই কাৰ্যসূচী। সমগ্ৰ সোণাৰি নগৰত চেনিটাইজ কৰি বীজানু নাশৰ এক পদক্ষেপ গ্ৰহণ কৰে টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ চৰাইদেউ জিলা সমিতিয়ে।
ক’ভিড ১৯ ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে সজাগ আৰু সচেতন হবলৈও আহ্বান জনায় সংগঠনটোৱে। টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰৰ নেতৃত্বত সংগঠনটোৰ চৰাইদেউ জিলা সমিতিয়ে গ্ৰহণ কৰা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৰাইজক সাৱধানতা অৱলম্বন কৰি ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় স্বাস্থ্য বিধি মানি চলিবলৈ আহ্বান জনায়।
লগতে পঢ়ক দুই কনমানিৰ মুখ্যমন্ত্ৰীলৈ আহ্বান, “আমাক পঢ়াৰ ব্যবস্থা কৰি দিয়ক”