টীয়কত আহুকলীয়া পৰিস্থিতি

টীয়ক: যোৰহাট জিলাত আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে পাঠদান বন্ধ ঘোষণা কৰাক কেন্দ্ৰ কৰি দেখা গ’ল টীয়কৰ বিদ্যালয়সমূহত এক আহুকলীয়া পৰিস্থিতি ।

সোমবাৰে নিশা জিলা উপায়ুক্তৰ এই সম্পৰ্কীয় নিৰ্দেশনা বিদ্যালয় প্ৰধান সকলে ছাত্ৰ-ছাত্ৰী সকলক নিশাই তেওঁলোকৰ হোৱাটচ এপ গ্ৰুপত অৱগত কৰিছিল যদিও বহু ছাত্র-ছাত্ৰীৰ এণ্ডৰয়ড ম’বাইল নথকাৰ বাবে এই নিৰ্দেশনা বিষয়ে অৱগত নোহোৱাত আজি পুৱা টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ ছাত্ৰী বিদ্যালয় লৈ আহি উভতি যাব লগা হোৱা পৰিলক্ষিত হয়।

আৰু পঢ়কঃঅক্সিজেন চিলিণ্ডাৰ ক্ৰয় কৰিবলৈ হস্পিতালক ধন যোগান ধৰিলে গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই

সেয়ে বাৰম্বাৰ এখনৰ পাছত এখন নিৰ্দেশনা জাৰি কৰি থকাতকৈ ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ নোহোৱা পৰ্যন্ত বিদ্যালয়সমূহৰ পাঠদান বন্ধ কৰি দিবলৈ আহ্বান জনাইছে সচেতন অভিভাৱক সমাজে।

লগতে যিহেতু একেটি ঘৰতে কেইবাটাও শ্ৰেণীত অধ্যয়নত ছাত্ৰ ছাত্ৰী থাকে গতিকে এনেদৰে পৰ্য্যায়ক্ৰমে নিৰ্দেশনা জাৰি কৰিলে ক’ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কিমানদূৰ প্ৰশাসন সফল হ’ব সেয়া এতিয়া লাখটকীয়া প্ৰশ্ন!

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply