দক্ষিণ শালমাৰা : অহা ২ মে’ত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দুই সমষ্টিৰ বাবে হ’বলগীয়া ভোট গণনাৰ বাবে প্ৰতিগৰাকী কাউণ্টিং এজেণ্ট আৰু কাউণ্টিং বিষয়া সকলৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদত কভিড পৰীক্ষা কৰি ভেকচিন প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয়।জিলাখনৰ অধীনত মানকাচৰ আৰু দক্ষিণ শালমাৰা সমষ্টিৰ ভোট গণনা ২ মে’ৰ পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব।

কভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে কাউণ্টিং হলত উপস্থিত থাকিবলগীয়া সকলো কাউণ্টিং এজেণ্ট, কাউণ্টিক বিষয়া, ছুপাৰ ভাইজাৰ আৰু জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰী সকলক কভিড পৰীক্ষা কৰি ভেকচিন গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতেই তেওঁলোকক স্বাস্থ্য বিভাগৰ ফালৰ পৰা কভিড পৰীক্ষা কৰি ভেকচিন প্ৰদান কৰা হয়। বৃহস্পতিবাৰৰ দিনটোত প্ৰায় ৮০ গৰাকী কাউণ্টিং এজেণ্টক কভিড পৰীক্ষা কৰি ভেকচিন প্ৰদান কৰা হয়।

কাউণ্টিং এজেণ্টৰ বাবে আবেদন কৰা এই ৮০ গৰাকী লোকৰ ভিতৰত কোনো এগৰাকীৰে কভিড ফলাফল পজিটিভ ধৰা পৰা নাই বুলি জানিব পৰা গৈছে। উল্লেখ্য যে অহা ২ মে’ত অসমৰ লগতে পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত কৰা হ’ব। কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে সম্পূৰ্ণ কভিড প্ৰ’টকলৰ মাজত ভোট গণনা অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশনা দিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply