নিউজ ডেস্ক– পুনৰ বৃদ্ধি পাইছে কভিডৰ ভয়াবহ সংক্ৰমণ। কভিডৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে ৰাজ্য চৰকাৰে জাৰি কৰিলে নিৰ্দেশনা। ১মাৰ্চৰ পৰা কভিড পৰীক্ষা ৰেহাই দিয়া নিৰ্দেশনা প্ৰত্যাহাৰ কৰিছে ৰাজ্য চৰকাৰে। এতিয়াৰে পৰা অসমৰ ৰেল ষ্টেশ্যন, বিমান বন্দৰত পুনৰ কৰা হ’ব কভিড পৰীক্ষা।
অন্য় ৰাজ্য়ৰ তুলনাত অসমত কোৰোনাই তেনে ৰূপ লোৱা নাই বুলি স্বাস্থ্যমন্ত্ৰীয়ে ঘোষণা কৰিলেও শেহতীয়াকৈ দেশৰ কোৰোনাসৃষ্ট পৰিস্থিক লৈ চিন্তিত হৈ পৰিছে ৰাজ্য চৰকাৰ। সেয়েহে ২৬ ফেব্ৰুৱাৰী ২০২১ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ তৰফৰ পৰা জাৰি কৰা হল এক বিশেষ নিৰ্দেশনা।