গুৱাহাটী : কামৰূপ মহানগৰ জিলাৰ ঘৰে ঘৰে ক’ভিড পৰীক্ষা অভিযান চলােৱাৰ সমান্তৰালকৈ বজাৰসমূহতাে ক’ভিড পৰীক্ষা কৰােৱাৰ এক ব্যাপক কার্যসূচী গ্রহণ কৰিছে জিলা প্রশাসনে। অহা ২৬ মে’, বুধবাৰৰ পৰা কাৰ্যকৰী কৰিবলগীয়া এই অভিযান সম্পর্কে বিতংভাৱে আলােচনা কৰিবলৈ সােমবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত বিশ্বজিৎ পেগুৱে জিলাখনৰ বজাৰ সমিতিসমূহৰ বিষয়ববীয়াৰ লগত এখন সভা অনুষ্ঠিত কৰে।

বশিষ্ঠ চাৰিআলি, ছয়মাইল, চুপাৰমার্কেট, গণেশগুৰি, নাৰেংগী, বােন্দা, নুনমাটি, বামুনিমৈদাম, চান্দমাৰি, শিলপুখুৰী, উজানবজাৰ, পল্টনবজাৰ, উলুবাৰী, গান্ধীবস্তি, ভঙাগড়, কালাপাহাৰ, লখনা, কটাবাৰী, ফটাশিল আমবাৰী, মাছখােৱা, ফাঁচীবজাৰ, শান্তিপুৰ, ভৰলুমুখ, কুমাৰপাৰা, আঠগাঁও, পামহি, বৰাগাঁও, জালুকবাৰী, পাণ্ডু বৰাবজাৰ, মালিগাঁও, চাটুলগেট, আদাবাৰী, গােশালা, আদাবাৰী তিনিআলি বজাৰ আদি বজাৰ সমিতি সমূহৰ সভাপতি/সম্পাদকে অংশগ্রহণ কৰা এই সভাত বিষয়-ববীয়াসকলক মঙলবাৰৰ ভিতৰত সংশ্লিষ্ট বজাৰৰ দোকানীসকলৰ তালিকা প্রশাসনক জমা দিবলৈ উপায়ুক্তই নির্দেশ দিয়ে।প্রশাসনে চলােৱা এই অভিযানত সমিতিৰ সকলােকে সহযােগিতা আগবঢ়াবলৈ আহ্বান জনায় উপায়গৰাকীয়ে।

আৰু পঢ়কঃ উৰুখা পঁজাতে সপোন ৰছা এগৰাকী কবি-সাহিত্যিকৰ জীৱন গাঁথা

মানৱজাতিৰ এই বিপর্যয়ৰ বেলিকা বৃহত্তৰ স্বাৰ্থত সকলােৱে ক’ভিড টেষ্ট কৰােৱা উচিৎ বুলি মন্তব্য কৰি জিলা উপায়ুক্ত গৰাকীয়ে কয় যে প্রথম অৱস্থাত চিনাক্ত হ’লে ক’ভিডৰ পৰা সােনকালে আৰােগ্য লাভ কৰিব পাৰি। তেওঁ লগতে দোকান-বজাৰ খােলা সময়খিনিত হেণ্ড গ্ল’ভছ, মাস্ক পৰিধাণ কৰাৰ উপৰি চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ আৰু শাৰীৰিক ব্যৱধান কঠোৰভাৱে মানি চলিবলৈ ক্রেতা আৰু বিক্রেতা উভয়পক্ষকে অনুৰােধ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply