গুৱাহাটী : মহানগৰী গুৱাহাটীত ক’ভিড পৰীক্ষা বৃদ্ধি কৰাৰ সিদ্ধান্ত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ। মহানগৰী গুৱাহাটীৰ স্পৰ্শকাতৰ অঞ্চলসমূহত ক’ভিড পৰীক্ষা বৃদ্ধিৰ সিদ্ধান্ত জিলা প্ৰশাসনৰ। কামৰূপ মহানগৰ জিলাত ক’ভিড সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱা স্পৰ্শকাতৰ এলেকা সমূহ ইতিমধ্যে চিনাক্ত কৰিছে প্ৰশাসনে।
বিশেষকৈ মহানগৰীৰ ৰাজধানী মণ্ডল আৰু পূৱ মণ্ডলত এতিয়াও ক’ভিডৰ সংক্ৰমণ হ্ৰাস নোহোৱাৰ বাবে পুনৰ ক’ভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝায়ে। কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত স্বাস্থ্য বিভাগৰ বিষয়ববীয়া সকলৰ সৈতে অনুষ্ঠিত হোৱা এখন পৰ্যালোচনা বৈঠকত জিলাখনৰ আন আন স্থানৰ লগতে বস্তি এলেকা তথা স্পৰ্শকাতৰ অঞ্চলসমূহত ক’ভিড পৰীক্ষা বৃদ্ধি কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিছে উপায়ুক্ত পল্লৱ গোপাল ঝায়ে।
লগতে পঢ়ক : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰথম মৃত্যু বাৰ্ষিকীত স্মৰণ
প্ৰতিদিনে অতি কমেও ১০,০০০ লোকক ক’ভিড পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছে উপায়ুক্ত পল্লৱ গোপাল ঝায়ে। কামৰূপ মহানগৰ জিলাত ক’ভিড সংক্ৰমণ নাশ কৰাৰ বাবে ক’ভিড পৰীক্ষা আৰু টীকাকৰণেই একমাত্ৰ উপায় বুলি উল্লেখ কৰে জিলা উপায়ুক্ত গৰাকীয়ে। তদুপৰি অতি শীঘ্ৰে জিলাখনৰ সকলো লোকৰে ক’ভিড টীকাকৰণ সম্পূৰ্ণ কৰিবলৈয়ো স্বাস্থ্য বিভাগক নিৰ্দেশ দিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝায়ে।