গুৱাহাটীঃ ব্যাপক হাৰত বৃদ্ধি পাইছে কৰোণাৰ সংক্ৰমণ।
এই সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা শক্তিপীঠ কামাখ্যাত প্ৰৱেশৰ আগেয়ে কৰিব লাগিব ক’ভিড টেষ্ট।
প্ৰতিদিনে মা কামাখ্যাৰ চৰণত মূৰ দোঁৱাবলৈ অগণন ভক্তই ভিৰ কৰেহি মন্দিৰৰ চৌহদ।
আজি পুৱাৰে পৰা মন্দিৰ দৰ্শন কৰিবলৈ অহা ভক্তৰ ক’ভিড পৰীক্ষাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে।
ইয়াৰ বাবে কামাখ্যা নাৰ্ছাৰী গে’টত এণ্টিজেন পৰীক্ষাৰ ব্যৱস্থা কৰিছে ।
ইফালে মহানগৰীত কৰোণাত আক্ৰান্ত হৈ এগৰাকী শিক্ষয়িত্ৰীৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।
শিক্ষয়িত্ৰীগৰাকী গণেশগুৰিৰ গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত।
কৰ’নাত আক্রান্ত হৈ ‘গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়’ৰ কলা শাখাৰ শিক্ষয়িত্ৰী চীমা হাজাৰীৰ মৃত্যু।
শিক্ষয়িত্ৰীগৰাকীৰ স্বামী, সন্তানো কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন।
তাৰ মাজতে শনিবাৰে স্কুলখনত বাছনি পৰীক্ষা পতাক লৈ সৃষ্টি হয় হুলস্থুলীয়া পৰিৱেশৰ।
বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ মতে সম্পূৰ্ণ ক’ভিডৰ সাৱধানতা মানি অনুষ্ঠিত কৰা হৈছে পৰীক্ষা।
আনফালে সোণাপুৰৰ লক্ষ্মীবাই ৰাষ্ট্ৰীয় শাৰীৰিক শিক্ষা প্ৰতিষ্ঠানত ক’ভিড আক্ৰান্তৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি পাইছে।
আনহাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি চত্তীশগড়ত মাওবাদীৰ আক্ৰমণত প্ৰাণ আহুতি দিয়া ভৱানীপুৰ সমষ্টিৰ সৰুপেটাৰ শ্বহীদ দিলীপ কুমাৰ দাসৰ পৰিয়ালৰ সদস্যসকলক সাক্ষ্যাৎ কৰিবলৈ উপস্থিত হৈ ক’ভিড সম্পৰ্কত ৪৫ বছৰ উৰ্ধ্বৰ লোক আৰু শিক্ষক সকলক ভেকচিন ল’বৰ বাবে আহ্বান জনায় ।
স্কুল, কলেজ বন্ধ নহয় যদিও প্ৰয়োজন সাপেক্ষে প্ৰাথমিক বিদ্যালয় হ’ব পাৰে বুলি তেওঁ উল্লেখ কৰে। ইফালে ক’ভিডৰ ফলত অসমত কোনো কাৰণতে লকডাউন দিয়া নহয় বুলি ব্যক্ত কৰে মন্ত্ৰী গৰাকীয়ে ৷