নিউজ ডেস্কঃ সমগ্ৰ দেশৰ লগতে অসমতো আজিৰে পৰা আৰম্ভ হৈছে ভেকচিন প্ৰদান কাৰ্যসূচী। ১৫ বছৰৰপৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীক প্ৰদান কৰা হ’ব ভেকচিন। ৩ জানুৱাৰীৰ পৰা ৯ জানুৱাৰী পৰ্যন্ত ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ত সম্পূৰ্ণ কৰিব লাগিব ভেকচিন প্ৰদান। প্ৰথম দিনটোত ৫০০ খন বিদ্যালয়ত ১ লাখ ভেকচিন প্ৰদানৰ লক্ষ্য ৰাজ্য চৰকাৰৰ।

গুৱাহাটী মহানগৰীৰ বিদ্যালয় সমূহত ১৫ ৰ পৰা ১৮ বছৰৰ ছাত্ৰ-ছাত্ৰী সকলক প্ৰদান কৰা হৈছে প্ৰতিষেধক। মহানগৰীৰ কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনৰ ১২ বজাৰ পৰা প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ হয়। বিদ্যালয়খনৰ মুঠ ৩১৯ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰতিষেধক দিয়া হ’ব। আজিয়ে বিদ্যালয়খনৰ সকলো ছাত্ৰ-ছাত্ৰীক প্ৰতিষেধক দিয়াৰ লক্ষ্য কৰা হৈছে যদিও সম্পূৰ্ণ নহ’লে অহা কালিও এই কাৰ্যসূচী চলিব।

ৰাজ্যৰ আন ঠাইৰ লগতে সোণাৰিৰ বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই কাৰ্যসূচী আজি আৰম্ভ কৰা হয়। যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে যৌথভাৱে শুভাৰম্ভ কৰে এই কাৰ্যসূচী।

কোভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী শুভাৰম্ভ কৰাৰ উদ্দেশ্যে বিদ্যালয় খনত  এখন সজাগতা সভাও অনুষ্ঠিত হয়।

পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ জিলা সদৰ হামৰেণতো ১৫-১৮ বছৰৰ শিক্ষাৰ্থীক কোভিড প্ৰতিষেধক দিয়াৰ শুভাৰম্ভণি কৰা হয় ৷ হামৰেণ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়ববীয়া উপস্থিত থাকি শিক্ষাৰ্থীসকলক কোভিড প্ৰতিষেধক গ্ৰহণ সন্দৰ্ভত সজাগতা প্ৰদান কৰাৰ লগতে শিক্ষাৰ্থীক সকলক কোভিড প্ৰতিষেধক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে ৷

লগতে পঢ়কঃএখন চৰকাৰী বিদ্যালয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে

অসম চৰকাৰে আজিৰে পৰা ৭ দিনকৈ চলিবলগীয়া ১৫ ৰ পৰা ১৮ বছৰৰ কিশোৰ-কিশোৰীক কোভিড প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী চৰাইদেউ জিলাৰ মৰাণ মহাবিদ্যালয়ত মন্ত্ৰী যোগেন মহনে শুভাৰম্ভণি কৰে।

এই উদ্বোধনী অনুষ্ঠানত চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱা, মাহমৰা ৰাজহ চক্ৰৰ চক্ৰবিষয়াৰ ঈণ্ডিকা গগৈ, মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা মিতালি কোঁৱৰৰ লগতে কেইবাগৰাকী বিষয়া উপস্থিত থাকে।

উল্লেখ্য যে, আজিৰ দিনটোত সমগ্ৰ চৰাইদেউ জিলা খনত ৫৭০৫ ছাত্ৰ-ছাত্ৰীক ভেকচিন প্ৰদান কৰে। আনহাতে সমগ্ৰ জিলা খনত প্ৰায় ১৯ হাজাৰ কিশোৰ-কিশোৰীক কোভিড প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,753 other subscribers

Leave a comment

Leave a Reply