গুৱাহাটী : গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিক সকলক ভেকছিন প্ৰদান। ১২০ গৰাকী সাংবাদিকক প্ৰদান কৰা হয় ক’ভিডৰ প্ৰথম ডোজ। বিভিন্ন সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত ৪৫ বছৰ উৰ্ধৰ সাংবাদিক সকলক প্ৰদান কৰা হয় ক’ভিডৰ প্ৰথম ডোজ। গুৱাহাটী প্ৰেছ ক্লাব আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত সাংবাদিক সকলক প্ৰদান কৰা হয় ভেকছিন।

দেশত কভিড মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে। প্ৰতিদিনে দেশত লক্ষাধিক লোক কভিডত আক্রান্ত হোৱাৰ লগতে মৃত্যুৰ মুখত পৰিছে কেইবা হাজাৰ লোক। যি সময়ত ক’ভিডৰ ভয়াবহতাৰ পৰা ৰক্ষা পাবলৈ ৰাইজ নিজকে ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰাখিছে সেই সময়তে ক’ভিডৰ ভয়াবহ পৰিস্থিতিৰ প্ৰতিটো বাতৰি ৰাইজেৰ বাবে সংগ্ৰহ কৰিছে সাংবাদিক সকল।

ক’ভিডৰ বিৰুদ্ধে সমগ্ৰ বিশ্ববাসীয়ে চলাই যোৱা যুদ্ধখনৰ অন্যতম এক যোদ্ধা হৈছে সংবাদ মাধ্যম। ইতিমধ্যে সমগ্ৰ বিশ্বতে ক’ভিডৰ লগত যুদ্ধ কৰি মৃত্যুক আঁকোৱালি লৈছে বহু সাংবাদিক। ক’ভিডৰ প্ৰথমটো ঢৌতকৈ সাংবাদিক সকল অধিক আক্রান্ত হৈছে দ্বিতীয়টো ঢৌত। দেশৰ কেইবাগৰাকী সাংবাদিকৰ লগতে অসমৰ সাংবাদিকো ক’ভিডৰ দ্বিতীয়টো ঢৌৰ বলি হ’বলগীয়া হৈছে।

কভিড বিৰোধী যুদ্ধত সন্মুখৰ পৰা যুঁজ কৰা আৰু অধিক সাংবাদিক যাতে আমি হেৰুৱাবলগীয়া নহয় ইয়াৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী প্ৰেছ ক্লাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। স্বাস্থ্য বিভাগৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবে সাংবাদিক সকলৰ জীৱন ৰক্ষাৰ স্বাৰ্থত সাংবাদিক সকলক ক’ভিডৰ ভেকছিন প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত বিভিন্ন সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত ১২০ গৰাকী সাংবাদিকক ভেকছিন প্ৰদান কৰা হয়। ৪৫ বছৰ উৰ্ধৰ সাংবাদিক সকলক ক’ভিডৰ প্ৰথমটো ডোজ প্ৰদান কৰা হয়। শনিবাৰে প্ৰথমটো ডোজ লোৱা সাংবাদিক সকলক পৰৱৰ্তী সময়ত দ্বিতীয়টো ডোজ দিয়াৰ ব্যৱস্থা কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply