গুৱাহাটী : দেশৰ অন্য প্রান্তৰ লগতে অসমতাে শেহতীয়াকৈ দ্রুতগতিত বৃদ্ধি হােৱা কভিড-১৯ৰ সংক্ৰমণৰ প্রতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্রশাসনে অহা সােমবাৰে শিক্ষা বৃত্তিৰ লগত জড়িত সমূহ শিক্ষক-শিক্ষয়িত্রী তথা শিক্ষানুষ্ঠানৰ আন আন কৰ্মচাৰীসকলৰ বাবে কভিড-১৯ৰ প্রতিষেধক ছিটা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মহানগৰীৰ চাৰিখন বিদ্যালয় ক্রমে হাতীগাওঁ হাইস্কুল, কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়, নতুন ফটাশিল হাইস্কুল আৰু পাণ্ডু আদর্শ হাইস্কুলত পুৱা ১০ বজাৰ পৰা এই ছিটা প্রদানৰ দিহা কৰা হৈছে।
৪৫ বছৰৰ উৰ্ধৰ প্ৰতিগৰাকী শিক্ষক-শিক্ষয়িত্ৰী তথা শিক্ষানুষ্ঠানৰ কৰ্মচাৰীয়ে বিনামূলীয়াকৈ কভিড-১৯ৰ প্রতিষেধক ছিটা ল’ব পাৰিব। চৰকাৰী, প্রাদেশিকীকৃত, ব্যক্তিগত আদি সকলােখণ্ডৰ শিক্ষানুষ্ঠানকে এই কার্যসূচীত সামৰি লােৱা হ’ব। ছিটা প্ৰদানৰ বেলিকা পৰিচয় পত্ৰৰ উপৰি বয়সৰ প্রমানপত্র হিচাপে পেনকার্ড বা আধাৰকার্ড দেখুৱাব লাগিব। মহানগৰীৰ সকলােপ্ৰান্তৰ শিক্ষক-শিক্ষয়িত্রী তথা শিক্ষানুষ্ঠানৰ কৰ্মচাৰীসকলক সমীপৰ ছিটা প্রদান স্থানত গৈ কভিড-১৯ৰ প্রতিষেধক ছিটা গ্রহণ কৰিবলৈ আহ্বান জনাইছে কামৰূপ মহানগৰ জিলা প্রশাসনৰ তৰফৰ পৰা।
উল্লেখ্য কভিড মহামাৰীৰ দ্বিতীয়টো ঢৌ ক্ৰমাৎ দেশত ভয়াবহ ৰূপ ধাৰণ কৰিছে। দেশত প্ৰতিদিনে হাজাৰ হাজাৰ লোক কভিড ভাইৰাছৰ দ্বাৰা আক্রান্ত হোৱাৰ লগতে প্ৰাণ হেৰুৱাইছে বহু লোকে। ইফালে অসমতো প্ৰতিদিনে বহু লোকে কভিডত আক্রান্ত হোৱা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ বহিঃৰাজ্যৰ পৰা অহা বহু লোকৰ শৰীৰত কভিড মহামাৰীৰ ভাইৰাছ ধৰা পৰিছে। ৰাজ্য চৰকাৰে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে। মাস্ক পৰিধান নকৰা লোকে এহাজাৰ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব বুলিও নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে।