মানকাচৰ – বিধানসভাৰ নিৰ্বাচনত ভোট গ্ৰহণ কৰিবলগীয়া প্ৰথম, দ্বিতীয় আৰু তৃতীয় পলিং বিষয়া-শিক্ষক সকলকলৈ জিলা প্ৰশাসনৰ ভেকচিন সজাগতা অনুষ্ঠান। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰী কনিষ্ঠ মহাবিদ্যালয়ত শনিবাৰে দুপৰীয়া ১২ বজাত আগন্তক বিধানসভাৰ নিৰ্বাচনত ভোট গ্ৰহণ কৰিবলগীয়া প্ৰথম, দ্বিতীয় আৰু তৃতীয় পলিং বিষয়া-শিক্ষক সকলক কভিড ১৯ ৰ প্ৰতিষেদকৰ টীকাকৰনক লৈ এক সজাগতা সভা অনুষ্ঠিত হয়।
মানকাচৰ শিক্ষা খণ্ডৰ অধীনত প্ৰায় দুই শতাধিক শিক্ষকৰ উপস্থিতত হাটশিঙিমাৰী কনিষ্ঠ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা সজাগতা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা উপায়ুক্ত গুৰাদ্বীপ সিং পানেশ্বৰ। আনহাতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জিলা অতিৰিক্ত উপায়ুক্ত লক্ষ্মী কুটুম, জিলা টীকাকৰণ বিষয়া ডাক্তৰ চিৰাজুলা ইছলাম, মহকুমা চিকিৎসক বিষয়া ডাক্তৰ ছাদ্রুল হক খন্ধকাৰ আৰু মানকাচৰ শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক বিষয়া আনিচুৰ ৰহমান।
জিলা উপায়ুক্ত গৰাকীৰ লগতে সজাগতা সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তি সকলে নিৰ্বাচনত কৰ্তব্য পালন কৰিবলগীয়া প্ৰথম, দ্বিতীয় আৰু তৃতীয় পলিং বিষয়া-শিক্ষক সকলক কভিড ১৯ ৰ প্ৰতিষেদক টীকা ল’বলৈ আহ্বান জনায়।