জামুগুৰিহাটঃ চতিয়া সমষ্টিৰ অন্তৰ্গত অসম -অৰুণাচল সীমান্তৰ বালিজুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত ‘দৃষ্টি ‘ আৰু ‘ৰঙাচকুৱা ষ্টেট বেংক’ৰ যৌথ প্ৰচেষ্টাত কোভিড ১৯ ৰ ভেকচিন কেন্দ্ৰৰ শুভাৰম্ভ ।

ভেকচিন কেন্দ্ৰটো মুকলি কৰে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই ।

লগতে পঢ়কঃমটক জনগোষ্ঠীক জনজাতিকাৰণৰ দাবীত উত্তাল প্ৰতিবাদ

বালিজুৰী উচ্চ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গনত পুৱাৰে পৰা প্ৰায় দুশৰো অধিক বয়োজেষ্ঠ মহিলা – পুৰুষ, যুৱক – যুৱতীক আজিৰে পৰা কভিড ১৯ ৰ ভেকচিন প্ৰদান কৰা হ’ব ।

উক্ত ভেকচিন কেন্দ্ৰটিত উপস্থিত থাকে স্বাস্থ্য় কৰ্মীসকল । অঞ্চলটোৰ যুৱক কিশোৰ শৰ্মাই অতিকৈ পিছপৰা এই অঞ্চলবাসী ৰাইজক ভেকচিন লৈছে যদিও কোভিডৰ সকলো নীতি-নিয়ম মানি চলিবলৈ বিনম্ৰ অনুৰোধ কৰে ।

‘দৃষ্টি’ৰ তৰফৰ পৰা অসমত ৪০ হাজাৰ লোকক ইতিমধ্যে কোভিড ১৯ ৰ ভেকচিন প্ৰদান কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply