গুৱাহাটী : অসম অলিম্পিক সন্থা আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ উদ্যোগত বিনামূলীয়া ভেকচিন প্ৰদান। গুৱাহাটী মহানগৰবাসী ৰাইজক বিনামূলীয়াকৈ কভিড ভেকচিন প্ৰদানৰ বাবে আহুৱাই আহিছে অসম অলিম্পিক সন্থা। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সহযোগত ভেকচিন প্ৰদান কাৰ্যসূচী ৰূপায়ন কৰা হৈছে।

সমগ্ৰ দেশতে কভিড মহামাৰীৰ দ্বিতীয় ঢৌৱে সংহাৰী ৰূপ ধাৰণ কৰিছে। দিল্লী, মহাৰাষ্ট্ৰৰ লগতে দেশৰ কেইবাখনো ৰাজ্যত কভিড মহামাৰীয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে। কভিডৰ তাণ্ডৱলীলা চলি থকাৰ সমান্তৰালে দেশজুৰি অব্যাহত আছে কভিড ভেকচিন প্ৰদান কাৰ্যসূচী।

অসমতো চৰকাৰে ৰাইজক কভিডৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ বাবে ব্যাপক হাৰত ভেকচিন প্ৰদান কাৰ্যসূচী ৰূপায়ন কৰা দেখিবলৈ পোৱা গৈছে। এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সহযোগত আগুৱাই আহিছে অসম অলিম্পিক সন্থা। সন্থাই দুদিনীয়া কাৰ্যসূচীৰে ভেকচিন প্ৰদান কাৰ্যসূচী আৰম্ভ কৰিছে নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণ ৰাম ফুকন ইনডৰ ষ্টেডিয়ামত।

যোৱা ২২ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা এই ভেকচিন প্ৰদান কাৰ্যসূচীত ৰাইজৰ ব্যাপক সঁহাৰি দেখিবলৈ পোৱা যায়। বহু লোক ওলাই আহি কভিডৰ ভেকচিন গ্ৰহণ কৰে। উল্লেখ্য যে ২২ এপ্ৰিলত মুঠ ৪৫০ জন লোকক ভেকচিন দিয়া হয়। আজি ভেকচিন প্ৰদান কাৰ্যসূচীৰ দ্বিতীয় তথা অন্তিম দিনাও পুৱাৰ ভাগৰে পৰা ভেকচিন লবলৈ আহ ৰাইজৰ ভিৰ পৰিলক্ষিত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply