মৰাণ : কভিড ভেকচিন ল’বলৈ এতিয়াও ইচ্ছা কৰা নাই বহু লোকে । মৰাণৰ বহু গ্ৰাম্যঞ্চলৰ লোকে লোৱা নাই ভেকচিন । ডিব্ৰুগড় জিলাখনত বৰ্তমানৰলৈকে ৯৬ শতাংশ লোকে ভেকচিন গ্ৰহণ কৰিছে যদিও ৪ শতাংশ লোক ভেকচিন লোৱাৰ পৰা আঁতৰি ফুৰিছে ।
চিকিৎসা কৰ্মীয়ে গাঁৱে গাঁৱে অভিযান চলাইছে যদিও সফল হোৱা নাই । উপায়ন্তৰ হৈ ডিব্ৰুগড় জিলা উপায়ুক্ত এই অভিযানত নামি পৰিছে ।
আজি মৰাণৰ ফটিছোৱা, ডোমৰ দলঙকে ধৰি মৰাণ ৰাজহ চক্ৰৰ অধীনৰ বিভিন্ন গাঁৱত ঘৰ আৰু পথাৰত জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, চক্ৰ বিষয়া, জিলা স্বাস্থ্য বিষয়াৰ সহিতে স্বাস্থ্য কৰ্মী লগত লৈ ৰাইজক বুজনি দিছে । এই অভিযানত আজি দিনটোত বহু সংখ্যক লোকক ভেকচিনেশ্যনো কৰা হয় ।
দিনজুৰি চলোৱা এই অভিযানত জিলা উপায়ুক্ত গৰাকীয়ে ভিকচিনৰ পৰা আঁতৰি থকা সকলো লোককে ভেকচিন লৈ এই অভিযান সফল কৰিবলৈ আহ্বান জনায় ।
লগতে পঢ়ক- অনিমেষ ভূঞা হত্যাকাণ্ড; আৰক্ষীৰ ভূমিকাক লৈ উদ্বিগ্ন অসম নাগৰিক সমাজ, তদন্তৰ দাবী