আজিৰে পৰা শিশুসকলৰ বাবে ক’ভিড ভেকচিন । ১২-১৪ বছৰ বয়সৰ শিশুৰ বাবে ক’ভিড ভেকচিন । দেশৰ প্ৰতিখন ৰাজ্যৰ লগতে অসমতো ১২ৰ পৰা ১৪ বছৰৰ শিশুক দিয়া হ’ব ক’ভিড ভেকচিন। ৰাজ্যত সৰ্বমুঠ তিনি লাখ শিশুক ভেকচিন দিয়াৰ লক্ষ্য অসম চৰকাৰৰ।
বুধবাৰে,গুৱাহাটীৰ ৰুক্মিণীগাঁও বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব শিশু ভেকচিন। শিশুকসকলক ক’ৰ্বেভেক্স Corbevax নামৰ ভেকচিন প্ৰদান কৰা হব । ১২-১৩ আৰু ১৩-১৪ বছৰ বয়সৰ শিশুৰ বাবে ব্যৱহাৰ কৰা হ’ব এই Corbevax ভেকচিন।
অসমত এই অভিযানৰ জৰিয়তে ২০১০ চনৰ ১৬ মাৰ্চৰ পূৰ্বে জন্মগ্ৰহণ কৰা ১২-১৪ বছৰ বয়সসীমাৰ ১৩.৪৮ লাখ কিশোৰ-কিশোৰীক ‘ক’ৰ্বেভেক্স’ নামৰ ক’ভিডৰ প্ৰতিষেধক প্ৰদান কৰা হ’ব। ইয়াৰ বাবে ইতিমধ্যে ৰাজ্যৰ স্বাস্থ্য বিভাগে শিক্ষা বিভাগৰ সহযোগত সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এই বয়স সীমাৰ ছাত্ৰ-ছাত্ৰীসকলক নিজ নিজ শিক্ষানুষ্ঠানত ক’ৰ্বেভেক্স টিকা প্ৰদান কৰা হ’ব।