অসমতো আজিৰ পৰা ১২ বছৰৰ পৰা ১৪ বছৰৰ বয়স সীমাৰ কিশোৰ-কিশোৰীসকলক ক’ভিড প্ৰতিষেধক প্ৰদানৰ অভিযান আৰম্ভ হৈছে। গুৱাহাটীৰ ৰুক্মিণীগাঁও বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে এই অভিযান মুকলি কৰে। অসমত এই অভিযানৰ জৰিয়তে ২০১০ চনৰ ১৬ মাৰ্চৰ পূৰ্বে জন্মগ্ৰহণ কৰা ১২-১৪ বছৰ বয়সসীমাৰ ১৩.৪৮ লাখ কিশোৰ-কিশোৰীক ‘ক’ৰ্বেভেক্স’ নামৰ ক’ভিডৰ প্ৰতিষেধক প্ৰদান কৰা হ’ব।

এই বয়স সীমাৰ ছাত্ৰ-ছাত্ৰীসকলক নিজ নিজ শিক্ষানুষ্ঠানত ক’ৰ্বেভেক্স টিকা প্ৰদান কৰা হ’ব। আনহাতে, শিক্ষানুষ্ঠানত নথকা কিশোৰ-কিশোৰীসকলে ঘৰৰ ওচৰৰ চৰকাৰী ক’ভিড প্ৰতিষেধক কেন্দ্ৰত এই টিকা গ্ৰহণ কৰিব পাৰিব। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰে অভিভাৱকসকলক এই বয়সসীমাৰ ভিতৰৰ নিজৰ সন্তানক ক’ভিডৰ প্ৰতিষেধক দিয়াবলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনায়।

ইফালে, আজিৰে পৰা ৰাজ্যত ৬০ বছৰৰ উৰ্দ্ধৰ প্ৰতিগৰাকী লোকৰ বাবেও ক’ভিডৰ সুৰক্ষামূলক তৃতীয়পালি প্ৰতিষেধক প্ৰদানৰ অভিযান আৰম্ভ কৰা হৈছে ইতিপূৰ্বে ৬০ বছৰৰ উৰ্দ্ধৰ ‘ক’ম’ৰ্বিডিটী’ থকা লোকসকলৰ বাবে যোৱা ১০ জানুৱাৰীৰ পৰা সুৰক্ষামূলক ক’ভিড প্ৰতিষেধক প্ৰদান কৰি থকা হৈছে। ৬০ বছৰৰ উৰ্দ্ধৰ লোকসকলে ক’ভিডৰ দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণৰ পৰা ৯ মাহ বা ৩৯ সপ্তাহৰ বিৰতিত এই সুৰক্ষামূলক তৃতীয় পালি প্ৰতিষেধক ল’ব পাৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply