তেজপুৰঃ ভেকচিন নোলোৱা চৰকাৰী কৰ্মচাৰীয়ে লাভ নকৰিব এই মাহৰ দৰমহা , চৰকাৰে শেহতীয়াকৈ এই ঘোষণা কৰাৰ পিছতেই যিসকল বিষয়া কৰ্মচাৰীয়ে অদ্যাপি কৰোনাৰ ভেকচিন গ্ৰহণ কৰা নাছিল সেইসকল বিষয়া কৰ্মচাৰীয়ে ভেকচিন ল’বলৈ হেতাওপৰা কৰাৰ পিছত শুকুৰবাৰে শোণিতপুৰ জিলা প্ৰশাসনে চৰকাৰী কৰ্মচাৰীৰ বাবে তেজপুৰ চহৰত বিশেষ ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰে।

প্ৰশাসনৰ এনে প্ৰয়াসৰ পিছতেই ইমান দিনে বিভিন্ন কাৰণত ভেকচিন ল’ব নোৱাৰা চৰকাৰী বিষয়া, কৰ্মচাৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলে ল’লেহি ভেকচিন।

আৰু পঢ়কঃবগলী নিধন যজ্ঞৰ ঘটনাৰ তদন্ত কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

তেজপুৰ চহৰৰ হেম বৰুৱা স্মৃতি ভৱনত পুৱাৰ পৰাই ভীৰ কৰিলেহি বিভিন্ন প্ৰান্তৰ চৰকাৰী বিষয়া – কৰ্মচাৰী সকলে।

বিগত বিধান সভাৰ নিৰ্বাচনত কৰ্ত্তব্যত নিয়োজিত সকলো চৰকাৰী বিষয়া কৰ্মচাৰীয়ে ভেকচিন লোৱাটো বাধ্যতামূলক আছিল যদিও এই সকল শিক্ষক কৰ্মচাৰীয়ে নিৰ্বাচনী কৰ্ত্তব্যৰ পৰা যিকোনো কাৰণত বিৰত থকাৰ বাবেই ইমানদিনে ভেকচিন লোৱাৰ পৰা বিৰত আছিল যদিও চৰকাৰে ভেকচিন ল’লেহে দৰমহা লাভ কৰিব বুলি ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰাৰ লগতে দৰমহাৰ বিলৰ লগত ভেকচিন গ্ৰহণ কৰা কৰ্মচাৰীৰ তালিকা প্ৰেৰণ কৰাটো বাধ্যতামূলক কৰাৰ পিছতেই ভেকচিন ল’বলৈ উৎফুল্লিত হৈ ওলাই আহিল চৰকাৰী কৰ্মচাৰীসকল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply